Fearless Press

কলাক্ষেত্রত তিনি লক্ষাধিক লোকৰ গৃহ প্ৰৱেশৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্রী

গুৱাহাটী,১৩ জুলাইঃ প্রধানমন্ত্ৰী আৱাস যোজনাৰ (গ্রামীণ) অধীনত বৃহস্পতিবাৰে ৰাজ্যৰ ৩,০৭,৮১৪টা পৰিয়ালে একেলগে গৃহ প্ৰৱেশ কৰিলে। গৃহ প্ৰৱেশৰ এই বৃহৎ কাৰ্যসূচীৰ বাবে বৃহস্পতিবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানৰ যোগেদি কেন্দ্ৰীয়ভাৱে গৃহ প্ৰৱেশৰ বিশাল কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে অসমৰ ৩০ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। প্ৰধানমন্ত্রী আৱাস যোজনাৰ যোগেদি এই লোকসকলক সামৰি লোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে ১৯,১০,৮২৩টা ঘৰ আবণ্টন দিছে আৰু ইয়াৰে ১২,৪৩,৫৮৪টা ঘৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। আজি ইয়াৰে ৩,০৭,৮১৪টা ঘৰৰ একেলগে গৃহ প্ৰৱেশ অনুষ্ঠান কৰা হৈছে। বিগত দুটা বছৰত ৮,৩৪,৮৩৯টা ঘৰ সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ পূৰ্বে পাঁচ বছৰত ৪ লাখ ঘৰ সম্পূৰ্ণ হৈছিল। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বাকী থকা ৬লাখ ঘৰ সম্পূৰ্ণ কৰা হ’ব বুলি তেওঁ সদৰি কৰে। অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী ৰণজিৎ কুমাৰ দাস আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে বক্তব্য আগবঢ়ায়। গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত সাংসদ কুইন ওজা, মুখ্য সচিব পৱন বৰঠাকুৰ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব জে বি এক্কাৰ উপৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

Exit mobile version