Fearless Press

মহানগৰীত ৩০ লাখ টকাৰ সোণসহ নগদ ২২ লাখ টকা জব্দ

গুৱাহাটী,১৫ জুলাইঃ গুৱাহাটীত অবৈধভাৱে সোণ সৰবৰাহ কৰা এটা চক্ৰক জালত পেলাবলৈ সক্ষম হ’ল মহানগৰ আৰক্ষী। মহানগৰ আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে এই অভিযানত ৫.৮৫ গ্ৰাম সোণ আৰু ২২ লাখ ৭০ হাজাৰ নগদ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এছ টি এফৰ দ্বায়িত্বত থকা উপ-মহাপৰিদৰ্শক পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত চলা এই অভিযানত সৰবৰাহকাৰীসকলে ব্যৱহাৰ কৰা এম এল ০৫ ইউ ১২১৬ নম্বৰৰ এখন হুণ্ডাই আই-২০ গাড়ীও জব্দ কৰিবলৈ সক্ষম হয়। এছ টি এফৰ দলটোৱে খানাপাৰাৰ পৰা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত এই বাহনখনক অনুসৰণ কৰিছিল। লালগণেশত এখন মটৰচাইকেলত অহা আৰোহীয়ে আই-২০ বাহনখনৰ পৰা সোণ লৈ দ্ৰুতগতিত আঁতৰি গৈছিল। তাৰপাছত এছ টি এফৰ দলে জ্যোতিকুছিত এই বাহনখন আটক কৰিবলৈ সক্ষম হয়। বাহনখনত থকা হিমাংশু পাল নামৰ গাড়ীচালক জনক আৰক্ষীয়ে আটক কৰে। এই ঘটনাৰ সন্দৰ্ভত এছ টি এফে ভাৰতীয় দণ্ডবিধি ৩৭৯/৪১১ ধাৰাৰ অধীনত ০৭/২০২৩ত এক গোচৰ ৰুজু কৰিছে।

 

Exit mobile version