গুৱাহাটী,১৭ জুলাইঃ এছ টি এফৰ জালত পৰিল দুৰ্ধৰ্ষ ডকাইত আৰু জালনোট সৰবৰাহকাৰী। এছ টি এফৰ গুৱাহাটীৰ অভিযানকাৰী দলে নগাওঁ জিলাৰ ৰুপহীহাট এলেকাৰ ঔঅনা গাঁৱৰ কাষৰ পৰা অভিযান চলাই চাৰিজনীয় দলটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। জালনোট সৰবৰাহকাৰী তথা ডকাইতৰ এই চাৰিজনীয়া দলটোৰ পৰা এটা পিস্তল আৰু এটা সজীৱ গুলী জব্দ কৰা হয়। লগতে অপৰাধত ব্যৱহাৰ কৰা AS 03H 9133 নম্বৰৰ মাৰুতি আৰটিগা গাড়ী আৰু ৪ টা মোবাইল ফোন জব্দ কৰা হয়। ধৃত চাৰি অপৰাধী নগাওঁ জিলাৰ ৰুপহীহাট থানা এলেকাৰ বাসিন্দা। তেওঁলোক হৈছে আছিকুল খান ওৰফে আৰ্ছিফুল ইছলাম (২২), মুজিবুৰ ৰহমান (২১ বছৰ), নজৰুল হক (২৫), আৰু নজৰুল হক (২১)। এই সংক্ৰান্তত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯২/৩৯৪/৪২০/৩৪ ধাৰা আৰু Arms Actৰ ২৫(১)(ক) ধাৰাৰ অধীনত STF থানাৰ ৮/২০২৩ নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত চলাই থকা হৈছে।