Fearless Press

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা পাকিস্তানৰ সীমা গোলাম হায়দৰক লৈ সন্দেহ

নিউজ ডেক্স,১৮ জুলাইঃ ভাৰতীয় যুৱকৰ প্ৰেমত পৰি চাৰি সন্তানৰ সৈতে পাকিস্তানৰ পৰা আহিছিল এগৰাকী মহিলা। বিগত কেইটামান দিন এই মহিলাগৰাকী বিশেষ চৰ্চাত আছে। একাংশৰ মতে মহিলা গৰাকী পাকিস্তানৰ চোৰাংচোৱা। ইয়াৰ মাজতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পাকিস্তানীৰ অহা মহিলাগৰাকীক। নাম সীমা গোলাম হায়দৰক। মঙলবাৰে নয়ডা আৰক্ষীয়ে কয় যে গ্ৰেপ্তাৰৰ সময়ত তেওঁ পলাই যাবলৈ চেষ্টা কৰিছিল। খবৰ অনুসৰি সীমাই তেওঁৰ চাৰিটা সন্তানৰ সৈতে নেপাল সীমান্তৰে ভাৰতলৈ আহিছিল। তাৰ পাছতে তেওঁ শচীন মীনা নামৰ যুৱকজনৰ ওচৰলৈ গৈছিল। শচীনক তেওঁ ২০১৯ চনত পাবজী খেলৰ জৰিয়তে লগ পাইছিল। ভিছা অবিহনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ বাবে সীমাক গ্ৰেপ্তাৰ হৈছে।ইয়াৰোপৰি এটিএছে সীমাক জেৰাও চলাইছে। নয়ডা আৰক্ষীয়ে দাখিল কৰা এজাহাৰ অনুসৰি সীমাই কৈছিল যে তেওঁ ১৩ মে’ত ভাৰতলৈ ভিছা পোৱাৰ সম্ভাৱণা নাছিল। যাৰ বাবে তেওঁ ৪ সন্তানৰ সৈতে প্ৰথমে নেপাল আৰু পাছত বাছেৰে দিল্লীলৈ আহিছিল। আনহাতে অবৈধ অনুপ্ৰৱেশকাৰীক আশ্ৰয় দিয়াৰ বাবে শচীনো গ্ৰেপ্তাৰ হয়। উল্লেখ্য যে সীমাক লৈ বহুলোকে সন্দেহ কৰিছে। কিয়নো কোনোমতে প্ৰাথমিক শিক্ষা সাং কৰা বুলি দাবী কৰা সীমাই অতি সহজে হিন্দী, ইংৰাজী ক’ব পাৰে। ইয়াৰোপৰি আৰু এনে বহু দিশ আছে যে সীমাক সন্দেহৰ আৱৰ্তত ৰাখে।

Exit mobile version