নিউজ ডেক্সঃগ্ৰীচৰ ৰাজধানী এথেন্সৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে।যাৰ বাবে বহু লোকক স্থানান্তৰ কৰা হৈছে। অগ্নিকাণ্ডৰ বাবে বহু স্থানীয় বাসিন্দাই ঘৰ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে। সোমবাৰে তাত দুটা পৃথক বন্য অগ্নিকাণ্ড সংঘটিত হয় আৰু এথেন্সৰ ওচৰৰ উপকূলীয় চহৰসমূহতো প্ৰচণ্ড বতাহ অনিয়ন্ত্ৰিতভাৱে বিয়পি পৰে।এথেন্সৰ পৰা ২৭ কিলোমিটাৰ দূৰত্বত জ্বলি আছে এই অগ্নিকাণ্ড। কেইবাটাও ঘৰ জ্বলি ছাই হয়। চৰকাৰী মুখপাত্ৰগৰাকীয়ে কয় যে বতাহ অতি প্ৰবলভাৱে বলাৰ ফলত দ্ৰুতগতিত বিয়পি পৰিছে অগ্নিকাণ্ড। জুই নিয়ন্ত্ৰণ কৰিব পৰা নাই। ১৫০ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে ব্যৱহাৰ কৰা হৈছে।য’ত জুই জ্বলি আছে তাত কিছুদিনৰ পৰা গৰমৰ বাঢ়িছে । এতিয়া বতাহৰ গতিবেগ ৭০ কিলোমিটাৰ বেগত বলি আছে।অগ্নিনিৰ্বাপক বাহিনীৰ উপৰিও ১১খন বিমান ব্যৱহাৰ কৰি জুই নিৰ্বাপন কৰা হয়। অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে জনোৱা মতে, এথেন্সৰ পৰা ৯০ কিলোমিটাৰ দূৰৈৰ এখন ৰিজ’ৰ্ট আৰু চহৰৰ সমীপতো এই অগ্নিকাণ্ড জ্বলি আছে।
গ্ৰীচৰ ৰাজধানী এথেন্সত ভয়ংকৰ অগ্নিকাণ্ড
