গুৱাহাটী,২০ জুলাইঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত বৃহস্পতিবাৰে পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হয় দ্বিতীয় দিনাৰ শুনানি। উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন জিলাত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ অব্যাহত আছে অসন্তুষ্টি আৰু প্ৰতিবাদ। ইয়াৰ মাজতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত শুনানি গ্ৰহণ কৰিবলৈ বুধবাৰে দুপৰীয়া গুৱাহাটীত উপস্থিত হয় নিৰ্বাচন আয়োগৰ এটা পূৰ্ণপৰ্যায়ৰ দল। মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত পূৰ্ণাংগ নির্বাচন আয়োগৰ দলটো বুধবাৰে প্ৰথম দিনা দিনৰ ২ বজাৰ পৰা ৯টা সমষ্টিৰ শুনানি গ্ৰহণ কৰে। আনহাতে আজি পুৱা ৯.৩০ বজাৰ পৰা শুনানি আৰম্ভ কৰা নিৰ্বাচন আয়োগৰ দলটোৱে দিনৰ ২ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, শোণিতপুৰ আৰু কৰিমগঞ্জ জিলাৰ শুনানি গ্ৰহণ কৰে। সমান্তৰালভাৱে দলটোৱে ৩ নং হলত দৰং, হাইলাকান্দি, কাছাৰ আৰু দক্ষিণ শালমাৰা জিলাৰ ওজৰ-আপত্তিৰ শুনানি গ্ৰহণ কৰে। সেইদৰে শ্রীশ্রী মাধৱদেৱ প্ৰেক্ষাগৃহত নগাঁও, মৰিগাঁও আৰু ধুবুৰী জিলাৰ আবেদন সন্দৰ্ভত দলটোৱে শুনানি গ্রহণ কৰে। তিনিটা স্থানত শুনানি গ্ৰহণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। নিৰ্বাচন আয়োগৰ দলটোৱে আজি ১৩খন জিলাৰ চাৰি শতাধিক আবেদনৰ ওপৰত বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষৰ শুনানি গ্ৰহণ কৰে। ইফালে নিৰ্বাচন আয়োগৰ দলটোৱে বিয়লি ৩.৩০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলসমূহৰ প্রতিনিধিৰ সৈতে বৰ্ণানুক্রমিকভাৱে আলোচনাত মিলিত হয়। ইফালে ২১ জুলাইৰ অন্তিম দিনা পুৱা ৯.৩০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰ জিলা, ৩ নং হলত শিৱসাগৰ আৰু যোৰহাট আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্রেক্ষাগৃহত ডিব্ৰুগড়, চৰাইদেউ, গোলাঘাট আৰু মাজুলী জিলাৰ ওজৰ-আপত্তি সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব। একে সময়তে ৯ খন জিলাৰ শুনানি কলাক্ষেত্ৰৰ তিনিটাকৈ হলত অনুষ্ঠিত হ’ব। ৭০ খনৰো অধিক আবেদনৰ সিদিনা শুনানি গ্ৰহণ কৰা হ’ব।
