Fearless Press

বুধবাৰে গোলাঘাট জিলা বন্ধৰ আহ্বান বিশ্ব হিন্দু পৰিষদৰ

গোলাঘাট, ২৫জুলাইঃনৃশংস হত্যাকাণ্ড সংঘটিত কৰা হত্যাকাৰী নাজিবুল ৰহমান বৰাক ফাচিৰ দাবীত কাইলৈ পুৱা ৫ বজাৰপৰা বিয়লি ৫ বজালৈ গোলাঘাট জিলা বন্ধ ঘোষণা কৰিছে বিশ্ব হিন্দু পৰিষদে ৷ সংগঠনটোৱে এক প্ৰেছ বিবৃতিত জনোৱামতে হিন্দুৰ ওপৰত দিনক দিনে বৃদ্ধি পোৱা অত্যাচাৰ কোনো কাৰণতে সহ্য কৰা নহব ।হিন্দু যুৱতি আৰু বোৱাৰীক লাভ জেহাদৰ বলি কৰি হত্যা কৰা ঘটনা একাংশ মুছলমান লোকে পৰিকল্পিত ভাৱে দীৰ্ঘদিনৰে পৰা সংঘটিত কৰি আহিছে ।এই ঘটনাত বিশ্ব হিন্দু পৰিষদে বাৰম্বাৰ প্ৰশানৰ হস্তক্ষেপ দাবী কৰি আহিছে যদিও কোনো ধৰণৰ সুফল নোপোৱাত ক্ষোভিত হৈ পৰিছে সংগঠনটোৰ নেতৃবৃন্দ ।আজি তাৰেই পৰিনতিত সংঘটিত হল গোলাঘাটৰ বৰ্বৰ হত্যাকাণ্ড ।উল্লেখযোগ্য যে গোলাঘাট নগৰত আজি দিনদুপৰতে সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। একে ঘৰৰে পিতৃ মাতৃ আৰ জীয়ৰীক দাৰে ঘপিয়াই হত্যা কৰে নাজিবুল ৰহমান বৰাই ।পিতৃ সঞ্জীৱ ঘোষ, মাতৃ জুনু ঘোষ আৰু জীয়ৰী সংঘমিত্ৰা ঘোষক হত্যা কৰি বীৰদৰ্পে পলাই যায় হত্যাকাৰী । নাজিবুল ৰহমান বৰাই দীৰ্ঘদিনৰে পৰা এই পৰিয়ালটোক শাৰিৰীক ,মানসিক অত্যাচাৰ চলাই আহিছিল ।গোলাঘাট সদৰ থানাত ৰুজু হৈ আছে কেইবাটাও গোচৰ । মনকৰিবলগীয়া যে নিৰুদ্দেশ হৈ আছে সংঘমিত্ৰা ৰ নমহীয়া সন্তান।হত্যাকাৰী নাজিবুল ৰহমান বৰাক ফাঁচি দিয়া আৰু হিন্দুৰ ওপৰত চলি অহা অত্যাচাৰ বন্ধ কৰাৰ দাবীৰে ২৫ জুলাইত পুৱা ৫বজাৰ পৰা সন্ধ্যা ৫বজালৈ ১২ঘন্টা গোলাঘাট জিলা বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে ।

Exit mobile version