Fearless Press

চৰকাৰী অনুমতি অবিহনে বনবিভাগৰ মাটিত কাঠফুলাৰ দৰে কচুৱা অঞ্চলত গঢ়ি উঠিছে বজাৰ

২৮জুলাই কঠীয়াতলী:নগাঁও জিলাৰ কচুৱা বিভিন্ন এলেকাত বন বিভাগৰ মাটিত কাঠফুলাৰ দৰে গঢ়ি উঠিছে কেইবাখনো বজাৰ।যত অসামাজিক কাৰ্যকলাপ চলাৰো অভিযোগ উঠিছে।প্ৰশাসনকো কেৰেপ নকৰি এচাম লোকে স্বাৰ্থ সিদ্ধিৰ বাবে এই বজাৰ বোৰ গঠন কৰি চৰকাৰৰ বৃহৎ পৰিমানৰ কৰ ফাঁকি দি অহাৰো অভিযোগ উঠিছে।কচুৱা লুটুমাৰীৰ খেৰনী এলেকাত গঢ়ি উঠিছে নতুন বজাৰ নামৰ এখন বজাৰ।কঠীয়াতলী আঞ্চলিক পঞ্চায়তৰ কোনো অনুমতি নোহোৱাকৈ বন বিভাগৰ মাটিত চলি থকা এই বজাৰ খনত ড্ৰাগছ ;জুৱা আদি নিয়মিত ভাৱে প্ৰচলন হোৱাৰ অভিযোগ আনিছে নগাঁও জিলাৰ আমছুৱে ।উল্লেখ্য এই বজাৰ খনত বনবিভাগে চৰকাৰী ভূমি এলেকা চোৱা চিতা কৰিবৰ বাবে নিযুক্তি দিয়া এজন গাওঁবুঢ়াই (প্ৰকৃত গাঁও বুঢ়া নহয়)নিজাকৈ ৰছিদ বহী বনাই অবৈধ্য ভাৱে গৰুৰ ব্যৱসায় চলাই আছে।আমাৰ হাতত পৰা তথ্য অনুসৰি গাঁও বুঢ়া গৰাকী আৰু বজাৰ সমিতি খনৰ এনে কাৰ্যৰ বাবে কামপুৰ চক্ৰবিষয়া ওচৰত অভিযোগ দাখিল কৰিছে বহু কেইজন সচেতন ব্যক্তিয়ে।কামপুৰ চক্ৰবিষয়াৰ পৰা বৈধ্যভাৱে নিযুক্তি নোপোৱা এইগৰাকী গাঁওবুঢ়াই কেনেদৰে নিজাববীয়াকৈ ৰছিদ বনাই অবৈধ্য ভাৱে গৰুৰ ব্যৱসায় চলায় আছে ই ৰহস্য সৃষ্টি কৰিছে।ইয়াৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহন কৰে সেয়া প্ৰতিজন সচেতন ব্যক্তিৰ মাজত ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে।
ইফালে এই সম্পৰ্কত কঠীয়াতলী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দীপা মনি দাসে এই বজাৰখন তেওঁলোকৰ অনুমতি অৱিহনে গঢ়ি উঠা বুলি মন্তুব্য কৰে।অবৈধ্য ভাৱে গঢ়ি উঠা এই বজাৰ খনৰ বিৰুদ্ধে নীতি নিয়ম অনুসৰি ব্যৱস্থা লোৱা হ’ব বুলি মন্তব্য কৰে।

Exit mobile version