Fearless Press

ৰাজ্যত অতিশীঘ্ৰে গঠন হ’ব নতুনকৈ ৰাজনৈতিক দল – বিশ্বজিৎ ৰায়

চিৰাং, ৩০ জুলাইঃৰাজ্যত পুনৰ গঠন হ’ব নতুন ৰাজনৈতিক দল, এই ঘোষণা কোচ-ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ৰ। বিজনী প্ৰেছ ক্লাৱত দেওবাৰে বিশ্বজিৎ ৰায়ে এখন সংবাদ মেল সম্বোধন কৰি কয় যে কোচৰাজবংশী সকলৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত আৰু বিজেপিক প্ৰতিহত কৰিবলৈ কোচ-ৰাজবংশী জাতীয় পৰিষদৰ মজিয়াৰ পৰা অনাগত ২,৩ মাহৰ ভিতৰত গঠন কৰা হব এই নতুন ৰাজনৈতিক দলটো। লগতে বিশ্বজিৎ ৰায়ে কয় যে যদি কোচ-ৰাজবংশী সকলে বিচাৰে তেন্তে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টি আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজনী নাইবা বঙাইগাঁও সমষ্টিৰ পৰা মই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰস্তুত। উল্লেখযোগ্য যে যোৱা ২৮ জুলাই তাৰিখে কোচৰাজবংশী জাতীয় পৰিষদৰ লগতে কোচ-ৰাজবংশী সকলৰ কেইবাটাও সংগঠনে বঙাইগাঁওত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি কোচ-ৰাজবংশী সকলৰ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক প্ৰদান কৰে যদিও মুখ্যমন্ত্ৰীৰ পৰা আশানৰূপ উত্তৰ লাভ নকৰা বুলি সংবাদ মেলত সদৰি কৰে বিশ্বজিৎ ৰায়ে। ইফালে KLO ৰ অধ্যক্ষ জীৱন সিংহ সম্পৰ্কত বিশ্বজিৎ ৰায়ে কয় যে জীৱন সিংহ মূল সুঁতিলৈ ঘূৰি অহাৰ পাছত ৰাজনৈতিক সৰযন্ত্ৰৰ বলি হৈছে। তেওঁৰ হাতত বৰ্তমান দুটা পথ খোলা আছে,হয় তেওঁ জামিন লৈ মুকলি আকাশৰ তলত আহিব লাগিব নহলে তেওঁ আত্মসমৰ্পণ কৰিব লাগিব।

Exit mobile version