Fearless Press

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ উত্তৰ গুৱাহাটীত অবিৰত বন ধংসযজ্ঞ

নিউজ ডেক্সঃসংবাদ মাধ্যমত বাৰে বাৰে বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতো গা নলৰে অসাধু বনদস্যুৰ ।এফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বনসংৰক্ষনৰ অভিলাসী প্ৰকল্প হাতত লোৱাৰ বিপৰীতে এচাম বনদস্যুই পাহাৰ কাটি চলাই আহিছে ৰঙা মাটিৰ ৰমৰমীয়া বেহা।মাণ্ডাকাটাত থকা কমা’ণ্ড শিবিৰৰ ওচৰতে বৃহৎ পাহাৰ কাটি বন ধংস কৰিছে জনৈক মাৰাক উপাধিৰ আৰু জনৈক ৰঞ্জন নামৰ অসাধু ব্যৱসায়ীয়ে।যি সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে বন সংৰক্ষণৰ নিমিত্তে বিভিন্ন বনাঞ্চলত অবৈধ দখলদাৰীৰ বিৰুদ্ধে উচ্ছেদ চলাইছে, সমান্তৰালকৈ এক কোটি গছপুলি ৰোপনৰ অভিলেখ সৃষ্টি কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে, তেনে সময়তে মুখ্যমন্ত্ৰী গৰাকীৰ গৃহ জিলা তথা গৃহ সমষ্টিতে ধংস কৰা হৈছে হাজাৰ হাজাৰ হেক্টৰ বনভূমি।দীৰ্ঘেশ্বৰী বনাঞ্চলিক কাৰ্যালয়ৰ পৰা প্ৰায় আধা কিলোমিটাৰ নিলগতে নিশাৰ ভাগত চলি আহিছে এই বন ধংসকাৰ্য।দিছপুৰৰ এগৰাকী নেতাৰ আশীষপুষ্ট হৈ মাৰাক আৰু ৰঞ্জনে এনেদৰে পাহাৰ ধংসৰ অনায়াসে চলাই নিছে য’ত বন বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীয়েও হাত উজান দিয়াৰ অভিযোগ উত্থাপিত হৈছে।সংবাদ মাধ্যমে এইবোৰ বাতৰি সম্প্ৰচাৰ কৰিলে কিয় নেদেখে, কিয় নুশুনে বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে, মন্ত্রী গৰাকীয়ে কিয় গুৰুত্ব প্ৰদান নকৰে এনে দুস্কাৰ্যৰ ঘটনাৰ ওপৰত? মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত নিজৰ পাবাৰ দেখুৱাই এইবোৰ বন্ধ কৰিবলৈ ভয় কৰে নেকি বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে নে বনমন্ত্ৰী পাটোৱাৰীয়েও বনদস্যুৰ পৰা পাই মোটা অংকৰ মাহিলী উপহাৰ, যাৰবাবে এইবোৰ বন্ধ কৰাৰ পৰা বিৰত থাকিব লগীয়া হৈছে নেকি মন্ত্ৰী গৰাকীয়ে, সেয়া এতিয়া সচেতন মহলত আলোচ্য বিষয় হৈ পৰিছে।‍এনে বনধংস কাৰ্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কামৰূপ জিলা ছাত্ৰ সন্থাৰ অন্যান্য সংগঠনে।

Exit mobile version