গুৱাহাটী,৭ আগষ্টঃ সলনি নহয় প্রদেশ কংগ্ৰেছৰ সভাপতি। এই কথা স্পষ্ট কৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্র সিঙে। সিঙে কয় যে ভূপেন বৰাৰ ওপৰত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পূৰ্ণ আস্থা আছে আৰু ভূপেন বৰাৰ নেতৃত্বতে প্রদেশ কংগ্ৰেছৰ কাম-কাজ পৰিচালিত হ’ব। নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি এই কথা স্পষ্ট কৰি তেওঁ কয় যে কোনো পক্ষই বিভ্রান্তি সৃষ্টিৰ বাবে অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি সলনি হ’ব বুলি উৰাবাতৰিৰ প্ৰচাৰ চলাইছে। উল্লেখ্য যে সামাজিক মাধ্যমকে ধৰি একাংশ সংবাদ মাধ্যমত প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হ’ব বুলি ব্যাপক চৰ্চা চলিছে। এই চৰ্চাৰ প্ৰসংগত তেওঁ স্পষ্ট কৰি দিয়ে যে ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থাকিব।
সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি : ক’লে জিতেন্দ্ৰ সিঙে
