Fearless Press

আমগুৰি সমষ্টিত সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত

শিৱসাগৰ, ১৪ আগষ্টঃ নিৰ্বাচনী আয়োগৰ দ্বাৰা অসমৰ বিধানসভা সমষ্টিৰ পুনঃনিৰ্ধাৰনৰ চুড়ান্ত তালিকা প্ৰকাশ হোৱাৰ পিছতই আমগুৰি সমষ্টি বিলুপ্তিকৰণকলৈ এক প্ৰকাৰে ক্ষুব্ধ আৰু উত্তপ্ত পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।ঐতিহাসিক আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে বিভিন্ন জাতীয় দল- সংগঠন সমূহৰ উত্তাল প্ৰতিবাদ কাৰ্যসূচী অব্যাহত ৰাখিছে।সমান্তৰলকৈ উজনি অসমৰ বিভিন্ন দ’ল সংগঠন, সমষ্টি সুৰক্ষা সমিতি, আমগুৰি সমষ্টি বাসী ৰাইজে ঐতিহাসিক আঞ্চলিকতাবাদৰ দুৰ্গ স্বৰূপ আমগুৰি সমষ্টি বিলুপ্তিকৰণ প্ৰক্ৰিয়া কোনো কাৰণতে মানি লোৱা নহব বুলি হুংকাৰ প্ৰদান কৰাৰ লগতে তীব্র বিৰোধিতা কৰি ১০৩ নং আমগুৰি বিধানসভা সমষ্টি বিলুপ্ত কৰণৰ প্ৰতিবাদত আজি ১৪ আগষ্ট ২০২৩ তাৰিখৰ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১২ ঘণ্টীয়া আমগুৰি সমষ্টি বন্ধ সফল কৰক ঘোষণা কৰিছে।উক্ত বন্ধ কার্যসূচী আমগুৰি জাতীয়-জনগোষ্ঠীয় দল সংগঠনৰ আমগুৰি সমষ্টি সুৰক্ষা সমিতি, টাইপা, কৃষক মুক্তি, আটাছু, ছাত্ৰ মুক্তি, বীৰ লাচিত সেনা, আহোম সেনা, অসমীয়া যুৱ মঞ্চ,আমগুৰি কংগ্ৰেছে সমষ্টি ৰক্ষা স্বাৰ্থত ঐক্যবদ্ধ সংগ্রামত নামি পৰিছে । আমগুৰি সমষ্টি বন্ধৰ আহ্বানৰ প্ৰতি সহাৰি ৰাইজৰ সঁহাৰি জনাই পুৱা ভাগৰ পৰা আমগুৰি সমষ্টি বন্ধৰ ঘোষণা সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। সমষ্টি অন্তৰ্গত সকলো ব্যৱসায়িক অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান-বজাৰ, যান-বাহন, যাতায়াতকে আদি কৰি কাষৰীয়া অঞ্চল সমূহতো বন্ধৰ ব্যাপক প্ৰভাৱ পৰা দেখা গৈছে।পুৱা ভাগৰ পৰা বন্ধৰ ঘোষণাত যান-বাহন সমূহৰ যাতায়াত স্তব্ধ হোৱাৰ লগতে স্বাভাৱিক জীৱন যাত্ৰাও ব্যাহত হৈ পৰিছে।আমগুৰি ভোটাৰ ৰাইজে সমষ্টি কৰ্তনকলৈ নিৰ্বাচন আয়োগক সমষ্টি কৰ্তনৰ সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনোৱা হৈছিল যদিও সেই সিদ্ধান্ত বাতিল নকৰি চূড়ান্ত খচৰা তালিকা প্ৰকাশ হোৱাৰ পিছতেই এতিয়া খৰ্গহস্ত হৈ পৰিছে সমষ্টিবাসী ভোটাৰ ৰাইজৰ লগতে দল- সংগঠন সমূহেও। কেইবাটাও জাতীয় -জনগোষ্ঠীয় দল সংগঠন সমূহে কৰা বন্ধ ঘোষণাৰ আহ্বান মৰ্মে সৰ্বাত্মক প্ৰভাৱ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, ধোদৰ আলি, আমগুৰি ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ ৰূপে যাতায়াত স্তব্ধ হৈ পৰা দেখা গৈছে।এই ক্ষেত্ৰত সমষ্টি বন্ধ ঘোষণা কৰা সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতি নেতা ৰিতুমণি হাজৰিকাই মত ব্যক্ত কৰি কয় যে, সমষ্টি বিলুপ্তিৰ কৰণৰ প্ৰথম দিনাখনৰ পৰা তীব্র বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছো। কিন্তু এই গণতান্ত্রিকভাৱে প্ৰতিবাদৰ ভাষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নুশুনিলে। তাৰ প্ৰতিবাদতেই আজি সমষ্টি বন্ধৰ ঘোষণা কৰিব লগা হৈছে। বিশেষকৈ উজনি অসমৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই দলীয় পদবীৰ পৰা পদত্যাগ কৰি বিজেপি গমনৰ যি ভেকোভাওনা বা জাল ৰচি জিকিম বুলি ভাৱিছে কিন্তু কোনো কাৰণতে জিকিবলৈ ৰচা জালখনত সফল হবলৈ নিদিওঁ।আনহাতে নতুন প্ৰজন্ম আৰু আমগুৰি ইতিহাসত এজন কলংকিত বিধায়ক হিচাপে চিহ্নিত হৈ ৰব। এইক্ষেত্ৰত এতিয়াও মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আয়োগক আমগুৰি সমষ্টি কৰ্তনৰ সিদ্ধান্ত বাতিল কৰিবলৈ অৱগত নকৰে তেন্তে ,আগন্তুক দিনবোৰৰ প্ৰতিদিনাই গণতান্ত্রিকভাৱে সমষ্টি বিলুপ্তিৰ কৰণৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হম।আনহাতে অসমীয়া যুৱ মঞ্চৰ নেতা আকাশ বীৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, দেশ গল ,জাতি গল,ভাষা গল,অৱশেষত সমষ্টিও গল।গতিকে এই কংস মামাৰ ওপৰত আমাৰ আস্থা আৰু ভৰসা নাই আৰু একেবাৰে শেষ হৈ গল। সমষ্টি বিলুপ্তিৰ কৰণৰ ক্ষেত্ৰত আমাৰ প্ৰতি টোপোলা তেজ থকা লৈকে আমি যুঁজি থাকিম তাৰ বাবে অসমীয়া যুৱ মঞ্চ জগৰীয়া নহয়। তাৰ বাবে জগৰীয়া হব জিলা প্ৰশাসন তথা শানাধিষ্ঠ মিত্ৰজোঁটৰ বিজেপি চৰকাৰ।

Exit mobile version