বঙাইগাঁও ২৩ আগষ্টঃ– বঙাইগাঁও জিলাৰ মাণিকপুৰত নামনি অসম ভিত্তিত কংগ্ৰেছৰ কৰ্মশালা অনুষ্ঠিত হয়। কংগ্ৰেছৰ সামাজিক মাধ্যম শক্তিশালী কৰাৰ উদ্দেশ্যেৰে জিলা আৰু ব্লক পৰ্যায়ৰ মুখপাত্র আৰু মিডিয়া কোষক লৈ ডিজিটেল বাহিনী তৈয়াৰ কৰে। কৰ্মশালাত সভাপতি ভুপেন বৰা উপস্থিত থাকি বদৰুদ্দিন আজমলক সাম্প্ৰদায়িক বুলি সমালোচনা কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুল্যবৃদ্ধি ৰোধ কৰিবলৈ ছিণ্ডিকেট বন্ধ কৰাৰ পৰামৰ্শ দিছিল যদিওঁ পৰামৰ্শ গ্ৰহন নকৰাত আন এটা পৰামৰ্শ দিব বুলি উল্লেখ কৰে। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন উপস্থিত থাকি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।ৰাজহ সংগ্ৰহ কৰাৰ উদ্দেশ্যেৰে গাওঁসমূহ নগৰ লৈ ৰূপান্তৰিত কৰে বুলি উল্লেখ কৰে। লগতে সমষ্টি পুনৰ নিৰ্ধাৰণ জড়িয়তে কোচ ৰাজবংশী সকলক প্ৰতাৰণা কৰাৰ কথা কয় প্ৰাক্তন মন্ত্ৰীজনে। কংগ্ৰেছৰ কৰ্মশালাত সাংসদ আব্দুল খালেক, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, আব্দুৰ ৰহিম, আব্দুল বাতিন খন্দকাৰ, প্ৰদীপ সৰকাৰ, আব্দুৰ ৰশিদ মণ্ডল, আদি কৰি প্ৰায় ১০ গৰাকী বিধায়কৰ লগত পাচঁ শতাধিক কংগ্ৰেছৰ কৰ্মী উপস্থিত থাকে। এই কৰ্মশালাৰ ফলত কংগ্ৰেছৰ কৰ্মী সকল উৎসাহিত হৈ পৰিছে।
মাণিকপুৰত নামনি অসম ভিত্তিত কংগ্ৰেছৰ কৰ্মশালাঃ ভূপেন বৰা, ৰকিবুল হুছেইন, আব্দুল খালেক
