Fearless Press

আমিনগাঁৱত কেচ ফৰ জব কেলেংকাৰীক লৈ যুব কংগ্ৰেছৰ প্ৰতিবাদ

নিউজ ডেক্সঃৰাজ্যত কেচ ফৰ জব কেলেংকাৰীয়ে জোকাৰণি চলাই থকা সময়তে মুখ্যমন্ত্ৰীৰ সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লেই লেই চেই চেই কৰিলে যুৱ কংগ্ৰেছীয়ে । চাকৰিৰ বজাৰ বন্ধ কৰক । মুখ্য মন্ত্ৰীয়ে পদত্যাগ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তুলিলে মূখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ আমিনগাঁও অঞ্চল। ৰাজ্যজুৰি সংঘটিত হোৱা নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে আজি সোচ্চাৰ হল অসম প্ৰদেশ যুৱকংগ্ৰেছ । আমিন গাঁও শীত তাপ নিয়ন্ত্ৰিত বাছ আস্থানৰ সমুখত চৰকাৰ বিৰোধী ধ্বনিৰে প্ৰতিবাদ কৰিলে জালুকবাৰী কংগ্ৰেছীয়ে । চাকৰিৰ ন্যায়িক তদন্তৰ দাবী কৰি, যুৱ কংগ্ৰেছীয়ে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে ।

Exit mobile version