Fearless Press

#বৰপেটা জিলা অংগক্ষত কৰাৰ বিৰুদ্ধে বৰপেটা সত্ৰৰ দালানৰ সন্মুখত প্ৰতিবাদী সমাবেশঃ সত্ৰৰ নেতৃত্বত মুখ্যমন্ত্ৰীক স্মাৰক প্ৰদানৰ সিদ্ধান্ত

বৰপেটা,৩১ আগষ্টঃ বৰপেটা জিলাৰ ঐতিহ্যপূৰ্ণ মৰ্যদা মষিমূৰ কৰি জিলাৰ বৃহৎ অংশ আন এখন জিলাৰ লগত সংযুক্ত কৰাৰ বাবে ৰাজ্যিক কেবিনেটত লোৱা সিদ্ধান্তৰ ঘোৰ বিৰোধিতা কৰি ইয়াৰ তীব্ৰ প্ৰতিবাদত আজি বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত সত্ৰৰ দালানৰ সন্মুখত বিপুল ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এক প্ৰতিবাদী সভাত ৰাজ্য চৰকাৰৰ এই হঠকাৰি কাৰ্যক একমুখে গৰিহণা দিয়াৰ লগতে এনে কাৰ্যৰ পৰা বিৰত থাকি জিলাখনৰ পূৰ্বৰ যি অৱস্থা সেই অৱস্থাতে বাহাল ৰাখিবলৈ আহ্বান জনোৱা হয় । বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিবাদী সমাবেশত বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড°বাবুল চন্দ্ৰ দাস, শিক্ষাবিদ-সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, খিলঞ্জীয়া সুৰক্ষা বাহিনীৰ মুখ্য সম্পাদক গোৱিন্দ গায়ন, শিক্ষাবিদ অজিত দেৱান, বৰপেটাৰোডৰ ব্যৱসায়ী সংস্থাৰ সভাপতি ডিম্বেশ্বৰ দাস,বৰপেটাৰোড শাখা সত্ৰৰ হৈ মন্টু ওজা, উত্তৰ বৰপেটাৰ বিশিষ্ট নাগৰিক চাহেদ আলী, আছু নেতা লুইত প্ৰৱাল দাস, সমাজকৰ্মী সঞ্জীৱ দাস, বিজেপি জিলা সম্পাদক হেমন্ত দেউৰী, অগপৰ কেন্দ্ৰীয় উপ-সভাপতি তথা সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ তাৰা প্ৰসাদ দাস,বিজেপিৰ যুৱ কৰ্মী হিমাংশু দাস, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৰপেটাৰ কৰ্মী ৰূপজিৎ দাস, অধিবক্তা ৰাধিকা নন্দন দাস, উপ-পৌৰপতি ৰাজেন তালুকদাৰ, ক্ৰীড়া সংগঠক প্ৰদীপ কুমাৰ দাস, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী, সত্ৰ মহাসভাৰ সভাপতি হৰেকৃষ্ণ তালুকদাৰ প্ৰমুখ্যে প্ৰায় ডেৰ কুড়ি বিশিষ্ট ব্যক্তিয়ে একমুখে বৰপেটা জিলাৰ পৰা হাউলী, বৰপেটাৰোড আৰু সৰভোগৰ বৃহৎ অংশ বজালী জিলাৰ লগত সংযুক্ত কৰাৰ পৰা বিৰত থাকি পূৰ্বৰ দৰে বৰপেটা জিলাৰ মৰ্যদা অক্ষুণ্ণ ৰাখিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি অনুৰোধ জনায়। সভাৰ অন্ততঃ এক প্ৰস্তাৱ যোগে বৰপেটা সত্ৰৰ নেতৃত্বত সকলো পক্ষৰ সহায় সহযোগিতাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । পিছে স্মাৰক পত্ৰখন সমাবেশত উপস্থিত ৰাইজৰ সন্মুখত সত্ৰ পৰিচালনা সমিতিৰ হৈ অশোক কুমাৰ দাসে পাঠ কৰি শুনায় । আনহাতে আজিৰ সমাৱেশত সভাৰ সিদ্ধান্ত মৰ্মে বৰপেটা জিলা আয়ুক্তৰ জৰিয়তে উপস্থিত দণ্ডাধীশৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় । উল্লেখ্য যে, সত্ৰৰ দালানৰ সন্মুখত অনুষ্ঠিত আজিৰ সমাৱেশতে বৰপেটাৰ সমাজে ইতিমধ্যে সুসন্তানৰ মৰ্যদা দিয়া তথা বৰপেটাৰ অভিভাৱক বুলি অভিহিত কৰা ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ নেতৃত্বত কালি বৰপেটাৰোডৰ পৰা দিছপুৰলৈ যোৱা কেইটামান সৰু সৰু সংঘঠনে একত্ৰ হৈ মুখ্যমন্ত্ৰীৰ হাতত স্মাৰক পত্ৰ যোগে বৰপেটাৰোড,সৰভোগ আৰু হাউলীক বজালী জিলাত অন্তৰ্ভূক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনোৱা কাৰ্যক আচৰিত আৰু ক্ষুন্ন হৈ এই কাৰ্য মন্ত্ৰী গৰাকীয়ে যে বৰপেটাৰ বিৰুদ্ধে পূৰ্বৰে পৰা দেখুৱাই অহা কু-অভিসন্ধি তাক এতিয়া দেখ দেখকৈ প্ৰমাণিত কৰিলে বুলি সমাজকৰ্মী সঞ্জীৱ দাস, খিলঞ্জীয়া সুৰক্ষা বাহিনীৰ মুখ্য সম্পাদক গোবিন্দ গায়ন সহ কেইবাজনো বক্তাই নিজৰ অগ্নিষ্ফুলিংগ ভাষনত দাঙি ধৰে । ভাষণ প্ৰসংগত সমাজকৰ্মী সঞ্জীৱ দাসে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৰপেটাৰ সভা সমিতিত জড়িত থকা পদৰ পৰা অব্যাহতি দিয়াৰ বাবেও আহ্বান জনায়। আনকি ৰণজিৎ কুমাৰ দাসে নিজৰ এটা আঙলি কাটি দিব পাৰিবনে বুলি প্ৰশ্ন কৰি নিজৰ আঙুলি কাটি দিলে কেনে লাগে আৰু নিজ জিলাৰ অংগক্ষত কৰা কাৰ্য একে বুলিও তেওঁৰ প্ৰতি চৰম বিষোদগাৰ কৰে সমাৱেশে । লক্ষনীয়ভাৱে আজি বৰপেটা সত্ৰৰ ফালৰ পৰা আয়োজন কৰা সমাৱেশত বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসকে ধৰি অগপ দলৰ ফালৰ পৰা নীৰৱতা অৱলম্বন কৰা বিষয়েও বহুতৰ মাজত বু বু বা বা প্ৰতিধ্বনিত হোৱা পৰিলক্ষিত হৈছে।

Exit mobile version