Fearless Press

টীয়কৰ নামেৰে বঙালী গাঁৱৰ ৰাইজে উন্নয়ন মুখ দেখিবনে

TEOK:চৰকাৰে নিতৌ অমৃহ কলহ যাত্ৰা,স্বচ্ছ ভাৰত অভিযান আদিবোৰত সকলোকে ব্যস্ত ৰাখি উন্নয়নৰ ধাক ঢোল বজাই থকাৰ সময়তে মৰিয়নি সমষ্টিৰ অন্তৰ্গত টীয়কৰ ১২ নং পূব লাহিং পঞ্চায়তৰ টীয়কৰ নামচেচু বঙালী গাঁৱৰ এই পৰিবেশ দেখিলে সকলোৰে চকু কপালত উঠিব।স্বাধীনতাৰ ৭৬ বছৰৰ পাছতো এইসকল জনতাই আজিও সেই কৌটিকলীয়া যুগৰ দৰে বসবাস কৰিবলগীয়া হৈছে।নাই বাট পথ,নাই খোৱা পানীৰ ব্যৱস্থা।উল্লেখযোগ্য যে টীয়ক চেলেংহাট মূল পথৰ সৈতে লাগি থকা এই অঞ্চলৰ কেইবাটাও পথৰ অৱস্থা অতি সুচনীয়,বৰষুণ দিলে পথত উঠে একাঠু পানী, দ দ গাঁত,বোকাৰ ফলত মটৰচাইকেল, চাইকেল দুৰৰে কথা খোজ কাঢ়ি আহিবলৈও অসুবিধাৰ সন্মুখীন হয় ৰাইজ।ইপিনে বৃহত্তৰ গাৱঁৰ ৰাইজে আজিও এটা পকী নাদৰ পানী সেৱন কৰি আহিছে।পুৱা গধুলি এইদৰে শাৰী পাতি গঞাই পানীৰ বাবে অপেক্ষা কৰি আছে আজি যুগ যুগ ধৰি। চৰকাৰী অভিলাষী আচনিৰ হৰ ঘৰ নল,হৰ ঘৰ জল আঁচনিয়ে আজিও ঢুকি নাইপোৱা এইসকল ৰাইজক।ইপিনে বাৰিষা লেতেৰা পানী আৰু খৰালি পানীৰ স্তৰ কমি যোৱাৰ ফলত দিনটো কেৱল পানী তোলাৰ লগতে অধিকাংশ লোকেই ব্যস্ত থাকিবলগীয়া এক পৰিবেশৰ সৃষ্টি হৈছে।

Exit mobile version