লখিমপুৰ, ৫ অক্টোবৰ ; যি সময়ত আৰক্ষীৰ সংস্কাৰৰ কথা কৈ অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰক্ষী বিভাগত বিভিন্ন সংস্কাৰমুখী পদক্ষেপ লৈছে তেনে সময়তে একাংশ আৰক্ষী বিষয়াই ঘোচখোৰ আৰক্ষীয়ে তেওঁলোকৰ দুষ্কর্যৰ জৰিয়তে আৰক্ষীৰ স্বৰূপ উদঙাইছে । লখিমপুৰত এইবাৰ পাঁচ হেজাৰ টকাৰ উৎকোচ লৈ হাত হাত দাঙিলে এগৰাকী আৰক্ষী বিষয়াই । আজি হঠাৎদুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল লখিমপুৰ জিলাৰ পানিগাও থানাৰ এছ আই মেৰাফট আলি নামৰ বিষয়া গৰাকী । প্ৰাপ্ত অভিযোগ অনুসৰি আৰক্ষী বিষয়া মেৰাফট আলিয়ে বিভিন্ন গোচৰৰ সন্দৰ্ভত বিভিন্ন জন লোকক দাবী কৰি ধন লৈছিল । গোচৰ মীমাংসাৰ নামত এছ আই গৰাকীয়ে উৎকোচ লৈ আজি দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আৰক্ষী বিষয়া গৰাকী । এই ঘটনা সংঘটিত হোৱাৰ পাছতেই জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই পানীগাওঁ থানাৰ সকলো আৰক্ষীকে তৎকালীন ভাবে বদলি কৰে । ইপিনে পানীগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰুৱাক তৎকালীন ভাবে নিলম্বন কৰে ।
দুই হেজাৰ টকাৰ উৎকোচ লৈ হাত দাঙিলে লখিমপুৰ পানিগাওঁ থানাৰ এছ আই মেৰাফট আলিয়ে দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰক্ষী বিষয়া : পানীগাঁও থানাৰ সকলো আৰক্ষীক তৎকালীন ভাবে বদলি অ চি উৎপল বৰুৱাক নিলম্বন
