Fearless Press

ৰাষ্ট্ৰীয় ডলফিন দিবস

গুৱাহাটী,৫ অক্টোবৰ;ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সংস্থা আৰু আৰণ্যক নামৰ বেচৰকাৰী সংস্থা ( এন জি অ)ৰ উদ্যোগত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰতৰ নাৱত উদযাপিত কৰা হয় ৰাষ্ট্ৰীয় ডলফিন দিবস । ২ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰত SAVE GANGES RIVER DOLFIN শীৰ্ষক ডলফিন সপ্তাহ উদযাপিত হৈ আছে । শিক্ষাৰ্থী ,বনকৰ্মী ,স্বেচ্ছাসেৱী সংগঠণৰ মাজত সজাগতা মূলক প্ৰশিক্ষণেৰে চলি আছে এই সপ্তাহ । সাদিনীয়া এই ডলফিন সপ্তাহত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সংস্থা অসমৰ তত্বাবধায়ক বিষয়া ড০ আবুল ৱাকিবে লুপ্তপ্ৰায় ডলফিনৰ ওপৰত লব লগা ভুমিকা সম্পৰ্কত বিস্তৃতভাবে কয় । ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমত ডলফিনৰ সংখ্যা বেছি যদিও বিপদমুক্ত নহয় বুলি তেওঁ দোহাৰে ।

Exit mobile version