মাৰ্ঘেৰিটা, ৯ অক্টোবৰঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা'(আছ)ৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা সমিতি তথা মাৰ্ঘেৰিটাবাসী ৰাইজৰ সহযোগত মাৰ্ঘেৰিটা টাউন হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰিবলৈ লোৱা দ্বিতীয় বাৰ্ষিক কেন্দ্ৰীয় কৰম সন্মিলনৰ আজি লাইখুটা স্থাপন কৰা হয়।অহা ইংৰাজী ১৪ আৰু ১৫ অক্টোবৰ ২০২৩ শনি আৰু দেওবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাৰ্ঘেৰিটা টাউন হাইস্কুল খেল পথাৰত অনুষ্ঠিত হব। আজি বিধি অনুযায়ী পৰস্পৰাগত ভাবে বালি উঠোৱা,যাৱা যোগোৱা আৰু লাইখুটা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি অনিল মানকী, সম্পাদক ৰুৱেন অৰেয়া, কাৰ্য্যকৰী সভাপতি কাজল তাছা, আছা’ৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি সঞ্জয় বাৰলা, সম্পাদক চামুৱেল তপ্ন, আছা’ৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক জাৰ্নেল মিঞ্জ, কৰম পাহান, চন্দন বৰাইকসহ ৭ গৰাকী বিষয়ববীয়া ক্ৰমে জোছমেৰি কাৱা, গোলৰিয়া একা,নিচা বাগে, সুশিলা ৰাম,জ্যোতি বাৰোৱা, প্ৰিয়া খাৰীয়া,ঋণা কেৰ্কেটা, কৰম কটোৱা, অভিষেক কাৱা আৰু খ্ৰীষ্টা কাৱাৰ দ্বাৰা উপস্থিত থাকে।
মাৰ্ঘেৰিটাত কৰম উৎসৱৰ লাইখুটা স্থাপন
