Fearless Press

হাতীমূৰীয়া মজলীয়া বিদ্যালয়ত পৰিচালনা সমিতি গঠনক লৈ উত্তপ্ত পৰিস্থিতি

মৰিগাঁও, ৯ অক্টোবৰঃমৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰাথমিক শিক্ষা খন্ডৰ অন্তৰ্গত হাতীমূৰীয়া মজলীয়া বিদ্যালয়ত পৰিচালনা সমিতি গঠনক লৈ আজি বিদ্যালয় খনত উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়। হাতীমূৰীয়া গাঁৱ পঞ্চায়তৰ প্ৰাক্তন সভাপতি ছিদ্দিকুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনত
উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰাবিয়া খাতুনে।বিদ্যালয় পৰিচালনা সমিতি গঠনৰ বাবে চৰকাৰী নিয়মাৱলী পাঠ কৰে পৰ্যবেক্ষক তফজ্জুল হুছেইনে। অভিভাৱক ৰাইজৰ ফালৰ পৰা প্ৰস্তাৱ আৰু সমৰ্থনত ১২জন সদস্য- সদস্যাৰ নাম বাছনি কৰাৰ পিছতেই সভাপতি পদৰ বাবে আতিকুৰ ৰহমান,মফিদুল ইছলাম,ওলিউল্লাহ আনজাৰ হুছেইন আৰু মুকুল আলীৰ নাম প্ৰস্তাৱ সমৰ্থনত উত্থাপন হয়।পাছ গৰাকী সভাপতি পদৰ দাবীদাৰ হোৱাত সভাখন উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়। ফলত আৰক্ষী মোতায়েন কৰিবলগীয়া হয়। অৱশেষত পৰিস্থিতি ক্ষান্ত হয় যদিও পৰ্যবেক্ষকে সভাপতি পদৰ বাবে নিৰ্বাচন ঘোষণা কৰে। বিদ্যালয় পৰিচালনা সমিতি গঠনৰ বাবে নিৰ্বাচনৰ মনোনয়ন পত্ৰ বাবে প্ৰতিজন প্ৰাৰ্থীয়ে চাৰি হাজাৰ টকাকৈ জমা দিব লাগিব।
ইফালে সভাখনত পৰ্য্যবেক্ষক হিচাপে মৈৰাবাৰী ৰাষ্ট্ৰীভাষা এম ই স্কুলৰ প্ৰধান শিক্ষক তফজ্জুল হুছেইন,২নং গৰৈমাৰী এম ই এমৰ প্ৰধান শিক্ষক আফাজ উদ্দিন ,ধুমকুৰা এম ই এমৰ প্ৰধান শিক্ষক আবুল কাছেম উপস্থিত থাকে।

Exit mobile version