Fearless Press

পুৰীৰ জগন্নাথ মন্দিৰত এতিয়াৰে পৰা স্কাৰ্ট, ফটা জিন্স পিন্ধি প্ৰৱেশ নিষেধ

নিউজ ডেক্স:পুৰীৰ জগন্নাথ মন্দিৰত নতুন নিয়ম।এতিয়া অনুৰাগীৰ বাবে ড্ৰেছ কোড প্ৰৱৰ্তন কৰা হৈছে। পুৰীৰ জগন্নাথ মন্দিৰৰ ভিতৰত এতিয়া স্লীভলেছ টপ, ড্ৰেছ, স্কাৰ্ট, ৰিপড জিন্সৰ দৰে সাজ-পোছাক পৰিধান কৰা নিষেধ। ‘অবিনয়ী’ কাপোৰ পিন্ধিলে আৰু মন্দিৰ চৌহদত ভৰি দিব নোৱাৰিব।কেতিয়াৰ পৰা এই নিয়ম?অহা বছৰৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম। জানিব পৰা মতে, যোৱা সোমবাৰে পুৰীৰ জগন্নাথ মন্দিৰৰ নীতি আয়োগ উপ-সমিতিৰ বৈঠক অনুষ্ঠিত হয়। সেই সভাতে ভক্তসকলে অবিন্য বস্ত্ৰ পৰিধান কৰি মন্দিৰত প্ৰৱেশ কৰাৰ বিষয়টো আলোচনা কৰা হৈছিল। বৈঠকৰ অন্তত জগন্নাথ মন্দিৰ প্ৰশাসনৰ মুৰব্বী ৰঞ্জন কুমাৰ দাসে কয় যে, “এনেকৈ লোকে ফটা জিন্স পেণ্ট, হাতৰ আঁচল নথকা ড্ৰেছ আৰু হাফ পেন্টৰ দৰে কাপোৰ পিন্ধি বিল, পাৰ্কত খোজ কাঢ়ি ফুৰে। বহুতেই এনে কাপোৰ পিন্ধি মন্দিৰত প্ৰৱেশ কৰে। মন্দিৰ ঈশ্বৰৰ বাসস্থান, মনোৰঞ্জনৰ স্থান নহয়।’ সেয়েহে ধৰ্মীয় আৱেগৰ বিষয়টো মনত ৰাখি সাজ-পোছাক প্ৰৱৰ্তন কৰা হৈছে।মন কৰিবলগীয়া যে ইয়াৰ আগতে দক্ষিণ ভাৰতৰ কেইবাটাও মন্দিৰত সাজ-পোছাকৰ নিয়ম আছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মথুৰাৰ ৰাধাৰাণী মন্দিৰ আৰু উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰত ড্ৰেছ কোড জাৰি কৰা হৈছে।

Exit mobile version