Fearless Press

লক্ষ্য ভোটবেংক, বৰপেটাত ২.০ অৰুণোদয় প্ৰাপ্ত ১৭ গৰাকী হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান মন্ত্ৰী ডাঃ পেগুৰ

বৰপেটা,১২ অক্টোবৰঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি বৰপেটা জিলাতো অৰুণোদয় ২.০ আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই উপলক্ষে বৰপেটা পৌৰসভাৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা ১০ সহস্ৰাধিক মহিলাৰ উপস্থিতিত বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ১৭ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ প্ৰদান কৰে। ৰাজনৈতিক মুনাফা আদায়ৰ উদ্দেশ্যে অনুষ্ঠিত কৰা অনুষ্ঠানত মন্ত্ৰী পেগুৱে মহিলা সকলৰ সবলতাৰ দিশত আগুৱাই নিয়াৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমুহক লৈ ফুলজাৰী মৰা পৰিলক্ষিত হয়। ইয়াৰ উপৰিও শিক্ষাসেতুকে আদি কৰি শিক্ষা বিভাগৰ ক্ষেত্ৰত লোৱা বিশেষ পদক্ষেপ সমুহৰ কথাও ৰাইজক তেওঁ অৱগত কৰে। বৰপেটা জিলা আয়ুক্ত আয়ুষ গৰ্গে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয় ববীয়াৰ লগতে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়াকে প্ৰমুখ্যে কৰি জিলাখনৰ কেইবাজনো লোক উপস্থিত থাকে। উল্লেখ্য যে আজি পূৱাৰে পৰা চহৰখনৰ মুখ্য পথ সমুহত সংখ্যালঘূ মহিলাসকল সভালৈ আহি ব্যাপক যান-জটৰ সৃষ্টি কৰে।

Exit mobile version