লখিমপুৰ, ১৫ অক্টোবৰ ; ফ্লায়িং ফেমী এজেন্সি নামৰ এক অনুষ্ঠানে ৰাষ্ট্ৰীয় পৰ্যায়ত দিল্লীত আয়োজন কৰা এক সৌন্দর্য প্ৰতিযোগিতাত লখিমপুৰৰ ডানিয়াই ১৯ খন ৰাজ্যৰ প্ৰতিযোগীক চেৰ পেলাই মিচ ফ্লায়িং ফেমী ইণ্ডিয়া ২০২৩ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পূৰ্বেও ডানিয়াই বহু প্ৰতিযোগিতাত অংশগ্রহণ কৰি মিচ নৰ্থ ইষ্ট ব্ৰেণ্ড এম্বেচাদৰ ২০১৯, মিচ উইনাৰ অৱ নৰ্থ লখিমপুৰ, গোৱাত মিচ স্পাৰ্ক ইণ্ডিয়া উইনাৰ ২০২২ আদি খিতাপ অৰ্জন কৰিছে।সৌন্দর্যৰ ক্ষেত্ৰখনৰ জৰিয়তে বিশ্বজয় কৰাৰ সপোন লৈ আগুৱাই যোৱাৰ ইচ্ছা। ভৱিষ্যতে মিচ ইউনিভাৰ্চ হোৱাৰ সপোন আগত ৰাখি সৌন্দর্যৰ ক্ষেত্ৰত আগুৱাই আহিছে। ডানিয়া ৰুচুল নামৰ এই যুৱতী গৰাকীয়ে আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত তেওঁ লাভ কৰা খিতাপৰ সন্দৰ্ভত তেওঁ নিজৰ সফলতাৰ কথা সদৰী কৰি পৰৱৰ্তী সময়ত মিছ দিব্যা ,আৰু মিছ ইউনিভাৰচ খিতাপ অর্জন কৰাৰ বাবে সপোন পুহি ৰাখি চৰ্চ্চা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে। সংবাদ মেলত ডানিয়াৰ মাতৃ মজবিনা আৰ ৰুচুলে অংশ গ্ৰহণ কৰে ।
লখিমপুৰৰ ডানিয়াৰ শিৰত ফ্লায়িং ফেমিনা ইণ্ডিয়া ২০২৩ খিতাপ
