লখিমপুৰ, ১৫ অক্টোবৰ,কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডঃ মদনসুখ মাণ্ডব্যই আজি লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় প্ৰাংগণত এটি ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন কৰে। প্ৰধান মন্ত্ৰী আয়ুষ্মাণ ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছনৰ অধীনত এই প্ৰকল্প নিৰ্মাণৰ আঁচনি ৰূপায়ণ কৰা হব। অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে গুৱাহাটীৰ পৰাই ভাৰ্চুৱেলি এই আধাৰশিলা স্থাপনৰ আনুষ্ঠানিক কাৰ্যসূচী সম্পন্ন কৰে। একে সময়তে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ বিভিন্ন জিলাত নিৰ্মাণ কৰা আৰু কেইবাটাও চিকিৎসাসেৱা সম্পৰ্কীয় প্ৰকল্পৰো শুভ উদ্বোধন কৰে।এই আধাৰশিলা স্থাপন অনুষ্ঠানৰ লগত সংগতি ৰাখি লখিমপুৰ জিলা প্ৰশাসন, জিলা স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন- লখিমপুৰৰ উদ্যোগত লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় প্ৰাংগণত এটি অনুষ্ঠানিক কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে স্বাস্থ্য প্রকল্প কেইটাৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি দিয়া ভাষণ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। আজিৰ এই অনুষ্ঠানত জিলা আয়ুক্ত সুমিত সত্তাৱান, জিলা অতিৰিক্ত আয়ুক্ত মিনাক্ষী পেৰমে, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গুনীন গগৈ, লক্ষীমপুৰ মেডিকেল কলেজৰ অধীক্ষক ডাঃ নিখিল কাকতি , জিলা জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন জিলা আঁচনিৰ বিষয়ববীয়া, লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিষয়া ,কৰ্মচাৰী ,ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ বিষয়া আৰু আশাকৰ্মীসকল উপস্থিত থাকে।
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ দ্বাৰা ভাৰ্চুৱেলি ৫০ বিছনাযুক্ত ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন
