Fearless Press

বঙাইগাঁওত যৌতুকৰ বাবে পত্নীক জীৱন্তে জ্বলাই দিলে স্বামীৰ লগতে স্বামীৰ পৰিয়ালেঃ গ্ৰেপ্তাৰ স্বামী সহ তিনি

বঙাইগাঁও ১৯ অক্টোবৰঃ–সভ‍্য সমাজক ভু লণ্ঠিত কৰা জঘন‍্য ঘটনাই এতিয়া কঁপাই তুলিছে বঙাইগাঁও।
কোন দিশে ধাৱমান হৈছে আজিৰ সমাজব‍্যৱস্থা ?
ক’ত হেৰাল জীৱশ্ৰেষ্ঠ মানৱৰ মানৱীয়তা। এগৰাকী মহিলাই যৌতুক দিব নোৱাৰাত প্ৰাণ দিলে স্বামী আৰু স্বামীৰ পৰিয়ালৰ হাতত।এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰাত। পত্নীক জুই লগাই হত্যা কৰাৰ অভিযোগত স্বামীসহ তিনিজনক আৰক্ষীয়ে আটক কৰিছে। জানিব পৰা মতে – কোকিলা ২য় খণ্ডৰ মোতালেব আলীৰ কন্যাৰ পাঁচবছৰ পূৰ্বে নাম্বাৰপাৰা গাঁৱৰ লোকমান আলীৰ পুত্ৰ কেৰামত আলীৰ লগত সামাজিক ৰীতি নীতি মতে বিয়া হয়। বিয়াৰ পিছৰে পৰাই যৌতুক দাবী কৰি অমানসিক নিৰ্যাতন চলাই আহিছিল। কিন্তু যোৱা ১১ অক্টোবৰত স্বামী পৰিয়ালে বোৱাৰী গৰাকীক জ্বলাই দিয়ে । তাৰ পিছত মোতালেব আলীয়ে নাম্বাৰপাৰাত গৈ কন্যাক বৰপেটা ফকৰ উদ্দিন আলী আহমেদ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও ১৭ অক্টোবৰত সন্ধিয়াত মৃত্যু হয়। কোকিলাত লৈ অহাৰ পিছত এক আবেগিক পৰিবেশৰ সৃষ্টি হয়। আৰক্ষীয়ে স্বামী কেৰামত আলীসহ তিনিজনক কৰায়ত্ব কৰি তদন্ত অৱ্যাহত ৰাখিছে।

Exit mobile version