Fearless Press

ৰঙা চীনৰ মানচিত্ৰত অন্তভূর্ক্ত অসম তথা উত্তৰ পূৰ্বাঞ্চল ! ৰাজপথত চীনা পতাকা দাহ কাৰ্যসূচীৰে চীনা সামগ্ৰী বৰ্জনৰ আহ্বান হিন্দু যুৱ-ছাত্ৰৰ.# ভাৰত চৰকাৰৰ ভূমিকাক গৰিহণা পৰিষদৰ

লখিমপুৰ, ১৯ অক্টোবৰ : ৰঙা চীনৰ মানচিত্ৰত অসম তথা উত্তৰ পূৰ্বাঞ্চল অন্তৰ্ভুক্ত হোৱাত লৈ আজি লখিমপুৰৰ ৰাজপথত চীনা পতাকা,সামগ্ৰী দাহ কৰি লখিমপুৰ নগৰৰ মাজে মজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।প্ৰতিবাদী কাৰ্য সূচীৰ জৰিয়তে অসমৰ জনগণক চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনাইছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসম লক্ষীমপুৰ জিলা সমিতিয়ে। আজি লখিমপুৰ নগৰৰ মাজমজিয়াৰ লখিমী চাৰিআলীত দিনৰ ১ বজাত চীনা পতাকা দাহ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি যুগ্মজ্যোতি দত্ত আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ঘনকান্ত বৰাই কয় যে, যোৱা ২৮ আগষ্টত চীনে সংস্কৰণ কৰা ষ্টেণ্ডাৰ্ড মেপৰ জৰিয়তে মুকলি কৰা তেওঁলোকৰ দেশৰ মানচিত্ৰত ভাৰতৰ আকচাই চীনক ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলক অন্তভূর্ক্ত কৰিছে যত ইতিমধ্যেই চীনৰ সৰ্বাধিক প্ৰচাৰিত বাতৰি কাকত ‘গ্লৱেল টাইমছ’ত বিষয়টো প্ৰকাশ পাইছে। অসমৰ সংবাদ মাধ্যমতো এই বিষয়টো প্ৰকাশ পাইছিল যদিও ৰাইজে অসমৰ উচ্ছেদ অভিযান, বাল্যবিবাহ অভিযান, কৃটিম বানপানী আৰু মণিপুৰৰ ঘটনাৰ সন্মুখত চীনে নিজৰ মানচিত্ৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলক অন্তভূক্ত কৰাৰ ঘটনাটোৱে প্ৰাধান্য নাপালে বুলি দত্ত আৰু বৰাই মন্তব্য কৰে। তেওঁলোকে কয় -অসম তথা উত্তৰ পূৰ্বাঞ্চলক চীনে নিজৰ মানচিত্ৰত অন্তভূর্ক্ত কৰা কাৰ্যত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে মৌনতা অৱলম্বন কৰা কাৰ্য গৰিহণাৰ যোগ্য। যিদৰে ১৯৬২ চনত অসমৰ তদানীন্তন প্ৰধানমন্ত্ৰীৰ জৱহৰলাল নেহেৰুৱে বিদায় দিয়াৰ দৰে বৰ্তমানৰ দিল্লীৰ নিস্ক্রিয় ভূমিকাইও অসমৰ ৰাষ্ট্ৰবাদী জনসাধাৰণক চিন্তিত কৰি তুলিছে।ইতিমধ্যে চীনে পূৰ্ব্বতে টাইৱানৰ ক্ষেত্ৰত ভাৰতক হস্তক্ষেপ নকৰিবলৈ সকিয়াই থোৱাও উদাহৰণ আছে বুলি কৈ পৰিষদে চীনৰ বিৰুদ্ধে ভাৰত চৰকাৰক কঠোৰ পদক্ষেপ লবলৈ দাবী জনায়। আনহাতে দেশৰ আৰু ৰাজ্যৰ জনসাধাৰণকো গুণ্ডা ৰাষ্ট্ৰ চীনক অর্থনৈতিকভাবে বহিস্কাৰ কৰাৰ বাবে আহ্বান জনায়। চীনৰ দৰে বেপাৰী দেশখনত নির্মিত সামগ্ৰী কোনো কাৰণতে ক্ৰয় নকৰি দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰিবলৈ দেশৰ জনগণক সংগঠনটোৰ নেতৃত্বই আহ্বান জনাইছে লগতে কয়- যে যিখন দেশে ভাৰতক আজিলৈকে নিউক্লিয়াৰ চেলচ্ গ্রুপ (এন এছ জি)ত অন্তভূর্ক্ত হোৱাত একমাত্ৰ হেঙাৰ হিচাপে থিয় দি আছে, যিখন দেশে আজিও আকচাই চীন বা চিয়াচিন নামেৰে ভাৰতৰ এক বিশাল ভূ-খণ্ড অন্যায়ভাৱে দখল কৰি আছে, যিখন দেখে ভাৰতৰ একমাত্ৰ শত্ৰু বাবেই হাফিজ চৈয়দক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলি বাধা প্ৰদান কৰিছে, যি দেশে পাকিস্তানক ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উচতাই থকাৰ লগতে প্ৰত্যক্ষভাৱে সহায় কৰি আছে, যিখন দেশে সস্তীয়া বস্তুৱে ভাৰতৰ বজাৰ দখল কৰি স্বদেশী উৎপাদকক নিঃশেষ কৰি উপভুক্তা সকলক মনোবলীৰে লুণ্ঠন কৰাৰ ষড়যন্ত্ৰ কৰি আছে। যাৰ ফলত নিবনুৱা সমস্যা দেশত দিনক দিনে বাঢ়ি গৈছে আৰু ইয়াৰ একাংশ নিবনুৱাই বিভিন্ন উগ্রপন্থী সংগঠনত যোগদান কৰি ৰাজ্যখনৰ লগতে সমগ্ৰ দেশখনকে অস্থিৰ কৰি তুলিছে। ইমানৰ পিছতো সেইখন দেশৰ সামগ্রী ক্রয়-বিক্ৰয় কৰাৰ কি যুক্তি থাকিব পাৰে বুলিও হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বই প্রশ্ন উত্থাপন কৰে। প্ৰধানকৈ অসমৰ ক্ষেত্ৰত চীনক বিৰোধিতা কৰাৰ বাবে এইবোৰ কাৰণতকৈও অতি ভয়ানক কাৰণ থকাৰ কথা উল্লেখ কৰি পৰিষদে কয় যে শত্ৰু ৰাষ্ট্ৰ চীনে অসমৰ আয়ুস ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰৰ উৎপত্তি স্থল তীব্বতত নদীখনক বান্ধি অসমখনক মৰুভূমিলৈ ৰূপান্তৰিত কৰাৰ লগতে বিশ্বৰ বৃহৎ নদীদ্বীপৰ গৰাকী হোৱাৰ গৌৰৱকনো কাঢ়ি নিব উলাইছে। ইয়াৰ পিছতো কোনো একাংশ লোকে সস্তীয়া মূল্যৰ দোহাই দি চীনা সামগ্রী ক্রয়-বিক্রয়ৰ পক্ষত থিয় দিয়ে তেন্তে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে তেনে লোকৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা লবলৈ কুণ্ঠাবোধ নকৰিব। আজিৰ এই কাৰ্যসূচীত কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাধৱ দাস, জিলা উপদেষ্টা জ্যোতিময় দলে, জুনাৰাম দেউৰী, জিলা সভাপতি যুগ্মজ্যোতি দত্ত, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ঘনকান্ত বৰা,সাংগঠনিক সম্পাদক লিখক মহন্ত, মুকেশ লালবেগী, মৃদুপৱন গগৈ সহিতে আঞ্চলিক পৰ্য্যায়ৰ বিষয়ববীয়াসকলো উপস্থিত থাকে। (ফটো আছে )

Exit mobile version