২০ অক্টোবৰ , চিৰাং:বিজনীৰ ঐতিহ্যমণ্ডিত বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আয়োজিত শতবৰ্ষ জয়ন্তী উৎসৱত উপস্থিত হয় বিটিআৰৰ প্ৰমোদ বড়ো।
সাংবাদিকৰে হোৱা কথাবতৰাত বড়োই কয় যে বিদ্যালয়খনৰ উন্নয়নৰ বাবে বিটিআৰৰ চৰকাৰৰ তৰফৰ পৰা যিখিনি কাম কৰিৱ লাগে , মই কৰিম বুলি তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰতিশ্ৰুতি দিয়ে। উল্লেখযোগ্য যে প্ৰমোদ বড়োৱে বহুবাৰ বহু প্ৰতিশ্ৰুতি দি আহিছে যদিও সময়ত তেওঁ পালন কৰিব নোৱাৰে বুলি বিৰোধীয়ে অভিযোগ উত্থাপিত কৰি আহিছে। আনহাতে বিজনীৰ শ্ৰীদূৰ্গা কলনিৰ টুইন টাৱাৰ আৰু পালপাৰাত মাহেশমতি চিটি সৰ্জিত আৰ্হি হিচাপে সজাই তোলা পেণ্ডেলৰ দুয়োখন পূজা মণ্ডপৰ দুৱাৰ আনুষ্ঠানিক ভাৱে মুকলি কৰে – প্ৰমোদ বড়োৱে । বিজনীৰ দেওকুৰাপাৰস্থিত ৰজাদিনীয়া বুঢ়ী ঠাকুৰানী থানত চলি থকা পূজাৰ থানস্থলী – পৰিদৰ্শন কৰে – বিটিআৰৰ কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে ।
বিজনীত পূজা মণ্ডপে মণ্ডপে প্ৰমোদ
