Fearless Press

নুমলীগড়ত অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা। এজন আটক

নুমলীগড়, ২১ অক্টোবৰ:গোলাঘাট জিলাৰ নোম লিগড়ৰ অন্তৰ্গত মৰঙী মৌজাৰ বগীজান আৰক্ষী থানাৰ অন্তৰ্গত 4নং পোৰাজংঘল গাঁৱত ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী অষ্টম শ্ৰেণীত পঢ়ি থকা ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা। ঘটনা অনুসৰি বগীজান আৰক্ষী থানাৰ অন্তৰ্গত 4নং পোৰাজংঘল গাঁৱৰ লম্পত দেৱেশ্বৰ দাসে ওচৰৰে এঘৰত ঘৰত কোনো নথকা সুযোগ লৈ এগৰাকী অষ্টম শ্ৰেণীত পঢ়ি থকা ছাত্ৰীক পুৱা শুই থকা অৱস্থাত ধৰ্ষণৰ অপচেষ্টা। নাবালিকা কিশোৰী গৰাকীয়ে চিঞৰ বাখৰ কৰাত পলায়ন কৰে লম্পট দেৱেশ্বৰ দাস। উল্লেখ্য যে ইয়াৰ পূৰ্বেও লম্পট দেৱেশ্বৰ দাসে ধৰ্ষণ কাণ্ড সংঘটিত কৰি হৈছিল ৰঙাঘৰৰ আলহী। কিন্তু সেই একেটা লম্পটেই পুনৰ অষ্টম শ্ৰেণীত অধ্যয়ণৰত ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা। সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে নাবালিকা কিশোৰী গৰাকীৰ পৰিয়ালে বগীজান আৰক্ষী থানাত এক গোচৰ ৰুজো কৰিছে। ইতিমধ্যে লম্পট দেৱেশ্বৰ দাসক আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version