লখিমপুৰ, ২৫ অক্টোবৰ,অসমৰ অন্যান্য জিলাৰ লগতে আজি লখিমপুৰ জিলাইও গুৱাহাটীলৈ অমৃত কলহ যাত্রাৰ শুভাৰম্ভ কৰে। লখিমপুৰ জিলাৰ ৯টা উন্নয়ন খণ্ড আৰু চাৰিখন পৌৰসভাৰপৰা “মেৰী মাটি, মেৰী দেশ” কাৰ্যসূচীৰ অংশস্বৰূপে অমৃত কলহ যাত্রা অনুষ্ঠানৰ জৰিয়তে সংগৃহীত মাটিৰ কলহসমূহ আজি গাড়ীৰে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। প্ৰতিটো উন্নয়ন খণ্ডৰ কাৰ্যালয়ত গাম্ভীৰ্যপূর্ণ পৰিৱেশত আজি “অমৃত কলহ যাত্রা”ৰ ফ্লেগ অফ কৰা হয়। ইয়াৰ পিছতে জিলা প্ৰশাসনৰ উদ্যোগত আবৰ্ত্ত ভৱনত জিলা উন্নয়ন আয়ুক্ত উৎপল বৰাৰ উপস্থিতিত পুৱা ৮ বজাত ৯টা উন্নয়ন খণ্ডৰ বাবে জিলা প্ৰশাসনে নিৰ্বাচিত কৰা আৰু চাৰিখন পৌৰসভাই নিৰ্বাচিত কৰা প্ৰতিজন প্ৰতিনিধিয়ে কলহ সমূহ লৈ অমৃত কলহ যাত্রাৰ গাড়ীৰে গুৱাহাটীলৈ ৰাওনা হয়। এই “অমৃত কলহ যাত্ৰা”ৰ নডেল বিষয়া হিচাপে সহকাৰী আয়ুক্ত তথা ঢকুৱাখনা উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া সুদৰ্শন শইকীয়াক নিয়োগ কৰা হৈছে।আজি অনুষ্ঠিত গুৱাহাটীমুখী এই অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভণি কাৰ্য্যসূচীত লখিমপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সেউতী দলে, কৰুণাবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কাবেৰী বৰগোঁহাই, নাৰায়ণপূৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শেৱালি পেগু আদিকে ধৰি জিলা প্ৰশাসন আৰু উন্নয়নখণ্ডৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।
লখিমপুৰৰ পৰা গুৱাহাটীলৈ “অমৃত কলহ যাত্রা
