Fearless Press

নামঘৰ উন্মোচন আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীৰ, অসমীয়া সমাজৰ বাবে নামঘৰ অভিভাৱক স্বৰূপ -সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী

লখিমপুৰ, ২৬ অক্টোবৰঃ নামঘৰ হৈছে অসমীয়া সমাজৰ বাবে অভিভাৱক স্বৰূপ। লখিমপুৰ জিলাৰ নাওবৈচাৰ গেন্ধালি খকণবৰী গাঁৱৰ নৱনির্মিত নামঘৰ উন্মোচন কৰি এনেদৰে মন্তব্য কৰে আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে। আয়তীৰ উৰুলি, খোল, তালৰ ধ্বনিৰে এক আধ্যাত্মিক পৰিৱেশত গেন্ধালি খকণবৰী নামঘৰভাগ উন্মোচন কৰি আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে অসমীয়া সমাজত নামঘৰৰ ভূমিকাৰ কথা উল্লেখ কৰি আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক শিক্ষাৰে সমাজৰ মাজত ঐক্যতাৰ বান্ধোন আনিবৰ বাবেই এই নামঘৰৰ সৃষ্টি আৰু নামঘৰত আধ্যাত্মিক চিন্তা চেতনা নথকা হ’লে আজি এনে পৰিৱেশ সৃষ্টি নহলহেঁতেন বা এনেধৰণৰ নামঘৰৰ সৃষ্টি নহ’লহেঁতেন বুলি উল্লেখ কৰে। ২২ লাখ টকা ব্যয়েৰে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা মূল নামঘৰৰ লগতে সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে একেলগে তিলেশ্বৰ দত্তৰ সোঁৱৰণত ইন্দ্ৰ দত্ত আৰু পৰিয়ালবৰ্গই দান কৰা বাটচৰা আৰু বদন বৰাই আগবঢ়োৱা তোৰণো উন্মোচন কৰে। নামঘৰ উন্মোচনৰ এই অনুষ্ঠানত অঞ্চলটোৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তি তথা ধৰ্মপ্ৰাণ পুৰুষ মহিলা উপস্থিত থাকে। উল্লেখযোগ্য যে পঞ্চায়তৰ পৰা আগবঢ়োৱা ৩ লাখ ৬৫ হাজাৰ টকাৰ লগতে ৮০ গৰাকী ব্যক্তিয়ে নামঘৰ নিৰ্মাণৰ বাবে আগবঢ়াইছিল বৃহৎ পৰিমাণৰ ধনৰাশি।

Exit mobile version