লখিমপুৰ, ৯ নৱেম্বৰ ; ‘মানুহ আৰু সমাজক উপেক্ষা কৰি নাটক আগবাঢ়িব নোৱাৰে৷ ভাৰতীয় নাট্য পৰম্পৰা অতীতৰেপৰা ঐশ্বৰ্যৱান আৰু সামাজিকভাৱে দায়ৱদ্ধ৷ অজস্ৰ সম্ভাৱনা থকা স্বত্তেও সাম্প্ৰতিক অসমীয়া নাটকৰ গতি ক’ৰবাত যেন অকণমান স্থবিৰ হৈছে৷’– এই মন্তব্য বিশিষ্ট নাট্যকাৰ তথা পৰিচালক ৰবিজিতা গগৈৰ৷ তেওঁ আজি নৰ্থ লখিমপুৰ কলেজত অনুষ্ঠিত ‘সাম্প্ৰতিক প্ৰেক্ষাপটত নাটকৰ সামাজিক ভূমিকা’ শীৰ্ষক আলোচনা-চক্ৰত অংশ গ্ৰহণ কৰি এইদৰে কয়৷ তেওঁ লগতে প্ৰাচ্য আৰু পাশ্চাত্যৰ নাট্যধাৰাৰ তুলনা কৰি কয় যে আমাৰ সমালোচকসকলে বহু দিশত পাশ্চাত্য প্ৰভাৱৰ কথা কওতে কওতে অসমীয়া বা আন ভাৰতীয় নাটকৰ মৌলিকতা নথকা যেন ভাব এটাৰ জন্ম হয়, যিটো অত্যন্ত ক্ষতিকাৰক৷ নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী ডঃ অৰবিন্দ ৰাজখোৱাই সঞ্চালনা কৰা এই আলোচনা-চক্ৰৰ উদ্বোধন কৰে অধ্যক্ষ ডঃ বিমান চন্দ্ৰ চেতিয়াই।এগৰাকী সমল ব্যক্তি হিচাপে বাংলাদেশৰ বিশিষ্ট নাট পৰিচালিকা তথা অভিনেত্ৰী শ্বামীমা আক্তাৰ মুক্তাই তেওঁৰ দেশত কিদৰে সামাজিক ভাবনা পৰিৱৰ্তনত ভূমিকা গ্ৰহণ কৰিছে সেই বিষয়ে আলোকপাত কৰে৷ অনুষ্ঠানত উপস্থিত থকা বাংলাদেশৰ সংবাদকৰ্মী মুজিবুল হকেও বক্তব্য নাট সন্দৰ্ভত বক্তব্য আগবঢ়ায়৷ ডঃ ধনৰঞ্জন কলিতা, মুনমী দত্ত, ডঃ ধীৰাজ পাটৰ আদিকে ধৰি নৰ্থ লখিমপুৰ কলেজত ভালেসংখ্যক অধ্যাপক, গৱেষক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থকা আজিৰ আলোচনা-চক্ৰই প্ৰকৃতাৰ্থতেই সকলোকে সমৃদ্ধ কৰে বুলি সঞ্চালক ডঃ অৰবিন্দ ৰাজখোৱাই মত ব্যক্ত কৰে।
নৰ্থ লখিমপুৰ কলেজত ‘সাম্প্ৰতিক প্ৰেক্ষাপটত নাটকৰ সামাজিক ভূমিকা’ শীৰ্ষক আলোচনা-চক্ৰ, বাংলাদেশৰ নাট্যকাৰ-পৰিচালকৰ অংশগ্ৰহণ
