Fearless Press

লখিমপুৰ জিলাৰ আৰক্ষী সকলৰ বাবে লিঙ্গ বিষয় সম্পৰ্কত সজাগতা কৰ্মশালা

লখিমপুৰ, ৯ অক্টোবৰ,কন্যা সন্তানৰ জীৱনৰ সুৰক্ষা আৰু শিক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে ২০১৫ চনৰ ২২ জানুৱাৰীৰ পৰা সমগ্ৰ দেশজুৰি ৰূপায়িত হৈ থকা “বেটী বচাওঁ বেটী পঢ়াও “আঁচনিখনৰ অধীনত লখিমপুৰ জিলা প্ৰশাসনৰ অধীনস্থ মহিলা সৱলীকৰণ কেন্দ্ৰ, লখিমপুৰ আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগ, লখিমপুৰৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত আজি উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় (স্বায়ত্ব)ৰ digital Auditoriumot লিঙ্গ বিষয় সম্পৰ্কত জিলাৰ আৰক্ষী বিষয়া কৰ্মচাৰীসকলৰ বাবে এখন সজাগতা কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কর্মশালাখনি বন্তি প্ৰজ্বলন আৰু শুভ উদ্ধোধন কৰে বিশিষ্ট শিক্ষাবিদ ডঃ মুকুন্দ ৰাজবংশীয়ে । তেখেতে বক্তব্যত কয় যে আজিৰ সমাজত লিঙ্গৰ বৈষম্য ৰাখিব নালাগে।সমাজত সকলো লিংগৰ ব্যক্তিক সম মৰ্যদা প্ৰদান কৰিব লাগে। আৰক্ষী বিভাগেও এই ক্ষেত্ৰত সঠিকভাৱে গুৰুত্ব দিয়া উচিত।জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ অভিযান সমন্বয়ক প্ৰাংগনা বৰাই আঁত ধৰা কর্মশালাখনিত আদৰণি ভাষণ প্ৰদান কৰে জিলাৰ অতিৰিক্ত আয়ুক্ত সুলক্ষণা বৰপাত্ৰগোঁহাইয়ে । কর্মশালাখনিৰ কাৰিকৰী সত্ৰত সমল ব্যক্তি হিচাপে ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য বিষয়ৰ জিলা নডেল বিষয়া ডাঃ ছামিউল আখতাৰ বৰবৰুৱাই ‘মানসিক প্ৰাথমিক চিকিৎসা’, ‘আৰোগ্যপ্ৰাপ্ত ৰোগীৰ প্ৰতি মানসিক সমৰ্থন আৰু ইয়াৰ গুৰুত্ব’ সম্পৰ্কত, উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়(স্বায়ত্বশাসিত)ৰ দর্শন বিভাগৰ মূৰব্বী অধ্যাপক ডঃ বৰ্ণালী বৰাই ‘লিঙ্গ, যৌনতা, পিতৃতন্ত্ৰৰ ধাৰণা’, ‘লিঙ্গজনীত হিংসাৰ প্ৰকাৰ, ইয়াৰ পৰিনাম আৰু নিয়ন্ত্ৰণ’ বিষয়ত আৰু উত্তৰ লক্ষীমপুৰ বাৰ এছোচিয়েচনৰ অধিবক্তা মিনাক্ষী দত্ত গোহাঁই বৰুৱাই ‘লিঙ্গজনীত হিংসাৰ বলি হোৱা লোকৰ তথ্যলিখন, উদ্ধাৰ আৰু পৰামৰ্শৰ বাবে প্ৰেৰণ সম্পৰ্কত আৰক্ষীৰ ভূমিকা’ আৰু ‘লিঙ্গজনীত হিংসাৰ বলি হোৱা লোকৰ বাবে আইনী সাহাৰ্য, অন্তৰবৰ্তীকালিন ক্ষতিপূৰণ, ন্যায়প্ৰাপ্তিৰ ক্ষেত্ৰত ন্যায়ালয়ৰ ভূমিকা’ শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰে। আজিৰ এই কৰ্মশালাত জিলা আইন সেৱা প্ৰাধিকৰনৰ সচিব প্ৰসেনজিৎ দাস অতিৰিক্ত আৰক্ষী অধীক্ষক মুনীন্দ্ৰ দেউৰী, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ(স্বায়ত্বশাসিত)ৰ অধ্যক্ষ ডঃ বিমান চেতিয়া, সহকাৰী আয়ুক্ত নিজৰা দেউৰী, জিলা জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়া, জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ লিঙ্গ বিশেষজ্ঞ কুকি বৰুৱা, জাহানুৰ ৰহমান, পোষণ অভিযানৰ জিলা সম্বনয়ক বিষ্ণু শর্মা, জিলা মহিলা সৱলীকৰন কেন্দ্ৰ আৰু জিলাৰ আৰক্ষী বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।

Exit mobile version