Fearless Press

উত্তৰ লক্ষীমপুৰ পৌৰসভাৰ উদ্যোগত আয়োজিত খেল মহাৰণ-২০২৩ শুভ উদ্ধোধনী অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকাৰ অংশগ্ৰহণ

লখিমপুৰ, ,১০,নৱেম্বৰ;অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সৌজন্যত সমগ্ৰ অসমতে চলি থকা খেল মহাৰণ-২০২৩ আজি উত্তৰ লক্ষীমপুৰ পৌৰসভাৰ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয়।উক্ত খেল মহাৰণ কাৰ্য্যসূচীৰ শুভ উদ্ধোধন কৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ।উক্ত উদ্ধোধনী অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে ভাষণত কয় – খেলে মানুহৰ জীৱনলৈ নিয়মানুৱৰ্তীতা, নিৰোগী, সুস্থ, সবল,প্ৰতিষ্ঠা, আত্মনিৰ্ভৰশীলতা আৰু নিজৰ ঘৰখনৰ লগতে সমাজলৈ সন্মান কঢ়িয়াই আনে।গ্ৰামাঞ্চলৰ প্ৰতিভাৱান যুবক যুৱতী ,ছাত্র-ছাত্ৰীসকলক খেলৰ এখন যথোপযুক্ত মঞ্চ দিয়াৰ উপৰি খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যোৱাৰ মানসেৰে এই খেল মহাৰণ কাৰ্য্যসূচী অসম চৰকাৰে গ্ৰহণ কৰিছে। অসম চৰকাৰৰ এই সুন্দৰ পদক্ষেপক তেখেতে শলাগ লোৱাৰ লগতে আজিৰ এই খেল মহাৰণত অংশগ্ৰহণ কৰা খেলুৱৈ আৰু আয়োজক মণ্ডলীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। আজিৰ এই কাৰ্য্যসূচীত লখিমপুৰ লোকসভাৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা , বিধায়ক মানৱ ডেকা, উত্তৰ লক্ষীমপুৰ পৌৰ সভাৰ পৌৰপতি নিবেনিতা দত্ত,উপ-পৌৰপতি প্ৰাঞ্জল প্ৰতিম দত্ত, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ (স্বায়ত্বশাসিত)ৰ অধ্যক্ষ ডঃ বিমান চেতিয়া,উত্তৰ লক্ষীমপুৰ পৌৰসভাৰ কাৰ্য্যবাঁহী বিষয়া কেচিঅ কৰন পেগু , অতিৰিক্ত আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকা,সমাজকৰ্মী ফণীধৰ বৰুৱা, জিলা ক্ৰীড়া বিষয়া ছেমি শইকীয়া, পৌৰ সভাৰ খণ্ড প্ৰতিপালকসকল,বিষয়া কৰ্মচাৰীসকল,ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্রী, খেলুৱৈ, অভিভাৱক আৰু স্হানীয় ৰাইজ উপস্থিত থাকে।

Exit mobile version