Fearless Press

হাওড়াঘাটত আম আদমি পাৰ্টীৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

হাওৰাঘাট,২৭ নৱেম্বৰ : আম আদমি পাৰ্টীৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কালি কাৰ্বি আংলং জিলাতো উদযাপন কৰা হয়। সেই লৈ জিলাখনৰ সদৰ চহৰৰ পৰা পৰা নাতিদূৰৈত অৱস্থিত ডিফু-লামডিং পথৰ জিলা সমিতিৰ নিজ কাৰ্য্যালয়ত পুৱাৰে পৰা অনুষ্টুপীয়াকৈ এক কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। কাৰ্য্যসূচী অনুসৰি দলৰ পতাকা উত্তোলন কৰে আপৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি মিন্টু পাটৰে। ইয়াৰ পাছতে প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে কেক্ কাটি এক আনুষ্ঠানিক সভাও অনুষ্ঠিত কৰা হয়। আপৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি মিন্টু পাটৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত তিনিওখন পাহাৰীয়া জিলা যথাক্ৰমে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ তত্বাৱধায়ক তথা কাৰ্বি আংলং জিলা সমিতিৰ মুখ্য উপদেষ্টা ভোগেশ্বৰ শ্যামে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে মহিলা মৰ্চাৰ সভানেত্ৰী নেইনা দেৱীকে প্ৰমুখ্যে কৰি বহু কেইগৰাকী দলীয় নেতা-কৰ্মীও সভাত উপস্থিত থাক ।

Exit mobile version