লখিমপুৰ, ১৬ ডিচেম্বৰ : চাকৰিৰ মুকলি বেহা পাতি লখিমপুৰত আৰক্ষীৰ জালত পৰিল বিজেপিৰ সংখ্যালঘু মৰ্চ্চাৰ এগৰাকী পালিনেতা ।
আৰক্ষীৰ জালত পৰা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ এই গৰাকী নেতা হল চামচুল হুছেইন ওৰফে ৰাজা। এই গৰাকীয়ে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ নামত পাতিছিল বেহা। এই সন্দৰ্ভত লাভ কৰা তথ্য মতে -তৃতীয় বৰ্গৰ চাকৰিৰ নামত ৫ লাখ, চতুৰ্থ বৰ্গৰ চাকৰি নামত ৩ লাখ টকা দাবী কৰিছিল এই গৰাকী পালি নেতাই ।
ইতিমধ্যে বিজেপি নেতা জনৰ ধন দাবীৰ ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ লগে লগে সচেতন মহলত বু বু বা বাৰ সৃষ্টি হোৱাৰ লগতে ক্ষুন্ন হৈ পৰিছে লখিমপুৰ বিধান সভা সমষ্টিৰ একাংশ ভোটাৰ।
শীঘ্ৰেই দালাল সামছুলৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি চামচুল হুছেইনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে । শেহতীয়া খবৰ মতে আৰক্ষীয়ে সমচুল হুছেইনক জেললৈ প্ৰেৰণ কৰিছে।
লখিমপুৰত চাকৰিৰ মুকলি বেহা পাতি গ্ৰেপ্তাৰ বিজেপিৰ সংখ্যালঘু মৰ্চ্চাৰ চামচুল হুছেইন
