লখিমপুৰ , ,২৩ ডিচেম্বৰ : লখিমপুৰ জিলাৰ চিয়া নাহৰৰ বাবে এছিয়া বিখ্যাত তথা প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ প্ৰসাৰ,প্ৰচাৰৰ উদ্দেশ্যেৰে ২২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত দুলুং সোৱণশিৰি মহোৎসৱৰ আজি দ্বিতীয়টো দিনত লোকে লোকাৰণ্য হৈ পৰে মহোৎসৱ স্থলী । দুলুং সোৱণশিৰি কনজাৰভেচন চ’ছাইটিৰ উদ্যোগত আৰু মিচিং স্বায়ত্বশাসিত পৰিষদৰ ইক’টুৰিজম ডেভেলপমেন্ট চ’ছাইটি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ সহযোগত তিনিদিনীয়াকৈ পদুমণি নাহৰণি দুলুং বনগাঁৱত অনুষ্ঠিত হোৱা আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰে এম এ চিৰ কাৰ্যকৰী সদস্য উমা পাঠৰীয়ে । গ্ৰাম্য ক্ৰীড়াত কুকুৰা যুঁজ,চকীখেল, টেকেলী ভঙা,উঠা-বহা আৰু ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱা ১০ বজাত শিশু ছাত্ৰ-ছাত্ৰীৰ মাজত ছবি অঁকা প্ৰতিযোগিতা উদ্বোধন কৰে লখিমপুৰৰ বিশিষ্ট চিত্ৰশিল্পী নীলিম মহন্তই। প্ৰতিযোগিতাৰ তদাৰক কৰে দুলুং সোৱণশিৰি কনজাৰভেচন চ’ছাইটিৰ সদস্য চৰিত্ৰ সোনোৱালে । দুপৰীয়া ১২ বজাৰ পৰা ‘ দুলুং বনাঞ্চল আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা তথা লখিমপুৰ আৰু ধেমাজি জিলাৰ নদী আৰু জলাশয় সমূহৰ অতীত, বৰ্তমান আৰু সংৰক্ষণ ‘ শীৰ্ষক আলোচ্য বিষয়ৰ ওপৰত আলোচনা সত্ৰ অনুষ্ঠিত হয়। আলোচনা সত্ৰৰ সঞ্চালনা কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনিল পেগুৱে। আলোচক হিচাপে উপস্থিত থাকে প্ৰকৃতিপ্ৰেমী সংগঠন মেগামিক্সৰ বিষয়ববীয়া দেৱজিৎ ফুকন,অসম চৰকাৰৰ বিষয়া প্ৰশান্ত বৰা আৰু দুলুং সোৱণশিৰি কনজাৰভেচন চ’ছাইটিৰ কাৰ্যকৰী সভাপতি পূণ্যকান্ত মিলি । বিয়লি ৩ বজাৰ পৰা লোককৃষ্টি প্ৰদৰ্শন অনুষ্ঠান অনুষ্ঠিত হয়। লোককৃষ্টি প্ৰদৰ্শন অনুষ্ঠানৰ উদ্বোধন কৰে অ’ পি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰেশ দত্তই । লোককৃষ্টি প্ৰদৰ্শন অনুষ্ঠানত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰাৰ সমান্তৰালকৈ অৰুণাচল প্ৰদেশৰ লোককৃষ্টিৰ দলেও অনুষ্ঠান পৰিৱেশন কৰে। সন্ধ্যা ৫ বজাত দুলুং সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত হয়। নিশালৈ সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাসৰ লগতে বহুকেইজন শিল্পীয়ে গীত পৰিৱেশন কৰে।
লোকে লোকৰণ্য দুলুং সোৱণশিৰি মহোৎসৱ ; দ্বিতীয় দিনাৰ কাৰ্যসূচীত আলোচনা সত্ৰ, লোককৃষ্টি প্ৰদৰ্শনেৰে উখল মাখল মহোৎসৱস্থলী
