Fearless Press

বিজেপিৰ মাৰাথন বৈঠকত দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা সন্দৰ্ভত আলোচনা

নিউজ ডেস্কঃইতিমধ্যে গেৰুৱা শিবিৰৰ প্রার্থীৰ প্রথম তালিকাত ১৯৫ জনৰ নাম প্রকাশ হৈছে ৷ লোকসভা নিৰ্বাচনৰ পথাৰত সৰ্বভাৰতীয় পৰ্যায়ত তিনিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীক প্ৰক্ষেপ কৰিছে বিজেপিয়ে। এই মুহূৰ্তত মূল আলোচনা হৈছে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। জানিব পৰা মতে, গেৰুৱা শিবিৰত কালি দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকাত মাৰাথন সভা অনুষ্ঠিত হয়। ৬ ঘণ্টাৰো অধিক সময় ধৰি চলিছিল এই বৈঠক। হাৰিয়ানা, মহাৰাষ্ট্ৰ, ৰাজস্থানকে ধৰি ৮ খন ৰাজ্যৰ বিজেপিৰ মূল সমিতিৰ সৈতে বৈঠক অনুষ্ঠিত হয়। সূত্ৰ অনুসৰি মহাৰাষ্ট্ৰৰ মিত্ৰতাক লৈ দীৰ্ঘদিন ধৰি চৰ্চা চলিছিল। শিৱসেনাৰ শিণ্ডে গোট আৰু এন চি পিৰ অজিত পাৱাৰ গোটৰ সৈতে আলোচনাত মিলিত হয় । খবৰ অনুসৰি মহাৰাষ্ট্ৰৰ ৪৮খন আসনৰ ভিতৰত ৩২খন আসনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে, শিৱসেনাৰ শিন্দে গোটৰ বাবে ১২খন আসন আৰু অজিত পাৱাৰৰ এনচিপিৰ বাবে ৪খন আসন বাকী আছে।

Exit mobile version