লখিমপুৰ, ২৯ মাৰ্চ — ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তথা সাংসদ প্ৰদান বৰুৱাই সমষ্টিটোৰ চুকে-কোণে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে যোৱা কাৰ্যকালত সাংসদগৰাকীয়ে ভোটাৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমুহৰ কিমান প্ৰতিশ্ৰুতি পূৰণ কৰিলে তাৰ হিচাব-নিকাচতহে একাংশ ৰাইজ ব্যস্ত থকা দেখা গৈছে। কালি সাংসদগৰাকীয়ে লখিমপুৰ জিলাৰ ঘুনাসুঁতি পঞ্চায়তৰ কপাকচাপৰিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অহাৰ এটা নিশাৰ পিচতে আজি ঘুনাসুঁতিৰ দুৰ্গম যাতায়াত ব্যৱস্থাক লৈ সংবাদ মাধ্যমৰ আগত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ঘুনাসুঁতিৰ বাঘমৰা, ২ নং বামুণীজান আৰু নাহৰণীবাসীয়ে। উল্লিখিত গাঁও তিনিখনৰ ৰাইজৰ মতে, সাংসদ প্ৰদান বৰুৱা এগৰাকী মিছলীয়া জনপ্ৰতিনিধি হোৱাৰ লগতে ৰাইজক ভূৱা প্ৰতিশ্ৰুতি দিয়াত তেওঁ সিদ্ধহস্ত। ভোটাৰ ৰাইজৰ মন আকৰ্ষিত কৰিবলৈ চৰকাৰী উন্নয়নমূলক আঁচনিসমূহৰ নাম লৈ সাংসদ বৰুৱাই যিমানেই জয়ঢোল নবজাওঁক কিয় বাস্তৱ ক্ষেত্ৰত গ্ৰামাঞ্চলৰ উন্নয়নত তেওঁ আজিৰ তাৰিখত এগৰাকী বিফল তথা অদূৰদৰ্শী সাংসদ বুলিহে ঘুনাসুঁতিৰ ৰাইজে চিহ্নিত কৰিছে। জানিব পৰা মতে, সাংসদ বৰুৱাই ঘুনাসুঁতি তিনিআলিৰ পৰা নাহৰণী সংযোগী বিধ্বস্ত পথটো পুনৰ নিৰ্মাণ কৰি দিয়া হ’ব বুলি ৰাইজক বহুবাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজিকোপতি পথটোত সামান্য মেৰামতিৰ কামো আৰম্ভ নহ’ল। বৰ্তমান পথটোৰ বিধ্বস্ত অংশবোৰত ওলাই পৰা ফলা শিলৰ টুকুৰাবোৰে অঞ্চলবাসীক যাতায়াতৰ ক্ষেত্ৰত তীব্ৰ জীয়াতু ভোগাইছে। উল্লেখ্য যে, ২০০৯ চনতে লখিমপুৰ গ্ৰাম্য পথ সংমণ্ডলে ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ পৰা আৱণ্টিত পুঁজিৰে ঘুনাসুঁতি তিনিআলিৰ পৰা নাহৰণী লৈ প্ৰায় ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো পকীকৈ নিৰ্মাণ কৰিছিল। উক্ত পকীকৰণৰ পিচত ক্ৰমাৎ বিধ্বস্ত হৈ পৰা পথটো পুনৰ নিৰ্মাণত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত ৰাইজ শেহতীয়াভাৱে সাংসদগৰাকীৰ কাষ চপাত সাংসদগৰাকীয়ে ৰাইজক উক্ত বিধ্বস্ত পথটো পুনৰ নিৰ্মাণ কৰি দিয়াৰ পূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। পিচে সাংসদগৰাকীৰ প্ৰতিশ্ৰুতিৰ পিচতো কিন্তু ৰাইজে আজিকোপতি পথটোৰ ক্ষেত্ৰত সামান্যতম মেৰামতিৰ কাম আৰম্ভ হোৱা দেখা নাপালে। এনেদৰে সুদীৰ্ঘকাল মেৰামতি নকৰা পথটোৰে বৰ্তমান যাতায়াত কৰিবলৈ গৈ ঘুনাসুঁতিবাসী, ছাত্ৰ-ছাত্ৰী তথা ৰোগীয়া লোকসকলে জীয়াতু ভূগিবলগা হৈছে। সমগ্ৰ ঘুনাসুঁতিবাসীৰ বাবেই অতি গুৰুত্বপূৰ্ণ পথটো পুনৰ নিৰ্মাণ কিম্বা মেৰামতিৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি প্ৰদান কৰিও সাংসদগৰাকীয়ে আজিকোপতি কোনো গুৰুত্ব আৰোপ নকৰাত সাংসদগৰাকীৰ বিৰুদ্ধে বাঘমৰা, ২ নং বামুণীজান আৰু নাহৰণীবাসীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে আগত নিৰ্বাচনত সাংসদগৰাকীক তেওঁৰ ভূৱা প্ৰতিশ্ৰুতিৰ প্ৰত্যুত্তৰ দিব বুলি জানিবলৈ দিছে। (ফটো
Home অসম আৰু উত্তৰপূব ঐতিহাসিক ঘুনাসুঁতিত বিধ্বস্ত বাট পথে জ্বলাকলা খুৱাইছে ৰাইজক ঘূণাসুঁতি তিনিআলিৰ পৰা নাহৰণী...