লখিমপুৰ ৩০ মাৰ্চ — অহা ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগা ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ বিপৰীতে প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ গৈ যোৱা ২৬ আৰু ২৭ মাৰ্চত লখিমপুৰ জিলা আয়ুক্তৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰা ৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰৰ কোনো এগৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ প্ৰত‍্যাহাৰৰ অন্তিম দিনটোতো প্ৰত‍্যাহাৰ নকৰিলে। যাৰফলত সমষ্টিটোত মনোনয়ন পত্ৰ দাখিল কৰা ৯ গৰাকী প্ৰাৰ্থীয়েই প্ৰতিদ্বন্দিতা আগবঢ়োৱাতো নিশ্চিত হৈছে। উল্লেখ্য যে, এইবাৰ সমষ্টিটোৰ বিপৰীতে যোৱা ২৬ মাৰ্চত বিজেপি দলৰ প্ৰাৰ্থীৰূপে সাংসদ প্ৰদান বৰুৱাই, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে ঘনকান্ত চুতীয়াই, চ’ছিয়েলিষ্ট ইউনিটি চেণ্টাৰ অব ইণ্ডিয়া (কমিউনিষ্ট) দলৰ প্ৰাৰ্থী পল্লৱ পেগু আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেছনেল দলৰ প্ৰাৰ্থী বীৰেন বাইলুঙে মনোনয়ন পত্ৰ দাখিল কৰাৰ পৰৱৰ্তী দিনা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা, কমিউনিষ্ট পাৰ্টি অব ইণ্ডিয়া দলৰ প্ৰাৰ্থী ধীৰেন কছাৰীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰূপে গোবিন বিশ্বকৰ্মা, দেৱনাথ পাইত আৰু বিক্ৰম ৰামচিয়াৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল