লখিমপুৰ, ৩০ মাৰ্চঃ লখিমপুৰ চেইণ্ট মেৰিজ স্কুলৰ একাউন্টৰ পৰা ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি মাছুলৰ ৩৭,৬০,২০০ টকা হৰলুকি হোৱাৰ ঘটনাই লখিমপুৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে- লখিমপুৰ চেইণ্ট মেৰিজ স্কুল কৰ্তৃপক্ষই ইউনিয়ন বেংকৰ লখিমপুৰ শাখাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা ৩৭,৬০,২০০ টকা মাচুল যোৱা ১৮ মাৰ্চত বেংক কৰ্তৃপক্ষই ভুলঃবশত লখিমপুৰ নগৰৰ ৮ নং ৱাৰ্ডৰ পম্পী বৰুৱাৰ একাউণ্টত জমা কৰে। ইয়াৰ পিছতে ঘটনাই এক নতুন মোৰ লয় । প্ৰাপ্ত তথ্য মতে – পম্পী বৰুৱাই দুষ্ট প্ৰকৃতিৰ স্বামী মনোজ শ্বাহৰ সৈতে মিলি ১৯ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ কেইবাটাও একাউন্টৰ জড়িয়তে জালিয়াতিৰে সমস্ত ধনৰাশি উলিয়াই নিয়ে। ইপিনে এই জালিয়াতিৰ সৈতে বিধায়ক মানৱ ডেকাৰ সম্পৰ্কীয় ভাতৃৰ নামো সাঙোৰ খাই পৰিছে। সূত্ৰটোৰ পৰা জানিব পৰা মতে এক অজ্ঞাত সূত্ৰৰ পৰা বিধায়ক মানৱ ডেকাৰ ভাতৃৰ গাড়ীচালকৰ ভাতৃৰ পত্নী পম্পী বৰুৱাৰ একাউন্টত বৃহৎ পৰিমাণৰ ধনৰাশি জমা হোৱাৰ মেছেজ মোবাইল যোগে লাভ কৰাৰ পাছতে হতভম্ব হৈ পৰা মনোজ শ্বাহে বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ নকৰি কেইবাটাও একাউণ্টৰ জৰিয়তে অনলাইন ট্ৰেনজেকচন কৰি উলিয়াই নিয়ে সমস্ত ধন।
উল্লেখ্য যে ১৯ মাৰ্চ তাৰিখে বিধায়ক মানৱ ডেকাৰ এজন সম্পৰ্কীয় ভাতৃৰ একাউণ্টৰ জৰিয়তে ৭ বাৰকৈ বৃহৎ পৰিমাণৰ ধন ট্ৰেন্সফাৰ কৰি উলিয়াই নিয়াৰ লগতে ৰঙানদী ধাবাৰ একাউণ্টলৈ ৯ লাখ টকা, মণিকিৰণ দাস ৫.৫ লাখ, সীমান্ত কুমাৰৰ হেমাবি মটৰ্চৰ নামত থকা একাউন্টৰ জৰিয়তে ৮.৭০ টকাকে ধৰি আন কেবাটাও একাউন্টৰ জৰিয়তে উলিয়াই নিয়ে। এই সন্দৰ্ভত বেংকৰ পৰিচালকৰ পৰা জানিব বিচাৰতহে বেংক কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হয় এই ঘটনা। ইয়াৰ পিছতে বেংকৰ পৰা উত্তৰ লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰা হয় যদিও ইতিমধ্যে পলায়ন কৰিছে পম্পী বৰুৱা আৰু স্বামী মনোজ শ্বাহে। বৰ্তমান উক্ত একাউণ্টত ১৫,৮৯০ টকাহে জমা আছে। এই সন্দৰ্ভত আজি লখিমপুৰ জিলা নিবনুৱা সন্থাৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজু দাস, সাধাৰণ সম্পাদক ভূপেন সোনোৱালে লখিমপুৰ জিলা আয়ুক্তক এক স্মাৰক পুত্ৰৰ যোগেদি ঘটনাৰ তদন্তৰ দাবী জনোৱাৰ লগতে বেংক বিষয়া -কৰ্মচাৰীকো তদন্তৰ আওতালৈ আনিবলৈ আহ্বান জনায়
Home অসম আৰু উত্তৰপূব লখিমপুৰ চেইণ্ট মেৰিজ স্কুলৰ একাউন্টৰ ৩৭ লক্ষাধিক টকা হৰলুকি ইউনিয়ন বেংকৰ একাউণ্টৰ...