নগাঁও, ৩১মাৰ্চঃ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক মুকলিকৈ সমৰ্থন জনাইছে ‘সূত উন্নয়ন পৰিষদ, অসম’য়ে। আজি নগাঁৱত এক সংবাদ মেল অনুষ্ঠিত কৰি এই কথা জানিবলৈ দিছে চলিত বৰ্ষৰ ১৩ মাৰ্চত নতুনকৈ গঠন কৰি দিয়া ‘সূত উন্নয়ন পৰিষদ, অসম’ৰ অধ্যক্ষ তৰুণ চন্দ্ৰ বৰাই। এই সম্পৰ্কত সূত উন্নয়ন পৰিষদ, অসম’ৰ তৰফৰ পৰা সংবাদ মেল যোগে সদৰি কৰা অনুসৰি অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ উন্নয়ন পৰিষদসমূহৰ সমিতিসমূহ নতুনকৈ গঠন কৰি অৰ্থনৈতিক, সামাজিক ভাৱে পিছপৰি থকা অসমৰ গৰিষ্ঠ সংখ্যক জনগণৰ উন্নয়নৰ পথ ত্বৰানিত কৰিছে আৰু ২৫ লাখ অসমৰ সূত জাতিৰ ৰাইজৰ আশা-ভৰসাৰ সমল সূত উন্নয়ন পৰিষদখন নতুনকৈ গঠন কৰি সূতসকলৰ কল্যাণৰ পথ প্ৰশস্ত কৰিছে। সদৌ অসম সূত জাতি সুৰক্ষা সমিতিৰ মুখ্য সম্পাদক তথা উন্নয়ন পৰিষদৰ সদস্য হেমকান্ত বৰুৱাইও সম্বোধন কৰা এই সংবাদ মেলৰ পৰাই অন্যান্য জাতি-জনগোষ্ঠীৰ উন্নয়ন পৰিষদসমূহো গঠন কৰাৰ পোষকতা কৰে। সংবাদ মেলত ‘সূত উন্নয়ন পৰিষদ, অসম’ৰ অন্যতম সদস্য ক্ৰমে মৃণাল কুমাৰ বৰা, মাধবীলতা বৰা, শান্তনু দাস, কুশল বৰা, ভুৱন হাজৰিকা, পুতুল বৰা, সদৌ অসম সূত সন্মিলনৰ নগাঁও জিলা সমিতিৰ সভাপতি নৃপেন বৰা আদি উপস্থিত আছিল।