নাজিৰা, শিৱসাগৰ, ৩১ মাৰ্চঃবিভিন্ন প্ৰান্তৰ লগতে নাজিৰা, শিমলুগুৰি গেলেকী আদিকে ধৰি কেইবাটাও প্ৰান্তত দীৰ্ঘদিন দিন ধৰি চোৰাং গৰু সৰবৰাহ আৰু চোৰাং গৰুৰ চিণ্ডিকেটৰাজ বিৰুদ্ধে ধাৰাবাহিক ভাৱে সৱিস্তাৰে বাতৰি প্ৰকাশ পাই আহিছে। শেহতীয়াকৈ ঐতিহ্যমণ্ডিত শিৱসাগৰ নাজিৰা, গেলেকী আৰু সীমান্তৱৰ্তী এলেকাৰ সমীপৰে এলেকাৰ মিছাজান নাথনিকটা গাঁৱৰ বুৱাকন আৰু আৰমানক হাতে- লুটে ধৰি গেলেকী আৰক্ষী প্রশাসনে ৮ টাকৈ চোৰাং গৰুসহ দুখনকৈ বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল।চোৰাং গৰু চক্ৰৰ বুৱাকন আৰু আৰমানক যোৱাকালি গেলেকী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে জিম্মাত লোৱাৰ পৰৱৰ্তী ঠিক ২৪ ঘণ্টা নহওঁতেই পুনৰ বুৱাকন এণ্ড আৰমান গেংঙৰ আন এক গৰু চোৰ চক্রক আটক কৰে গেলেকী আৰক্ষী প্রশাসনে।বুৱাকন এণ্ড আৰমান গেংঙৰ আন এক চক্রৰ ভিতৰত শিমলুগুৰি তেতেলিগুৰিৰ দলিদুছ আহমেদ ওৰফে দাদু আৰক্ষীৰ জালত পৰিবলৈ সক্ষম হৈছে। গেলেকী আৰু শিমলুগুৰি আৰক্ষী প্রশাসনে এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত দলিলুছ ওৰফে দাদুক নিজা বাসগৃহৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে। আনহাতে এতিয়াও বুৱাকন আৰু আৰমান এণ্ড গেংঙৰ লগত জড়িত আৰু কেইবাটাও চোৰাং গৰু চক্র বৰ্তমান পলাতক হৈ আছে বুলি এক খবৰৰ সূত্ৰে জানিব পৰা গৈছে। মিছাজান গেলেকী আদি ধৰি কেইবাটাও প্ৰান্তৰ চোৰাং গৰুৰ চক্ৰ অতি শীঘ্রেই আৰক্ষীৰ জালত পৰাৰ পূৰ্ণ সম্ভাৱনা প্রকট হৈ পৰিছে।সম্প্ৰতি বুৱাকন এণ্ড আৰমানসহ দাদু এতিয়া শিৱসাগৰ ৰঙাঘৰৰ আলহী।একাংশ ৰাইজৰ উত্থাপিত অভিযোগ অনুসৰি উজনি অসমৰ নামত বিভিন্ন অঞ্চলৰ নাম ঠাই বিশেষ উল্লেখ কৰি চোৰাং গৰুৰ ৰমৰমীয়া বেহাৰ নামত চিণ্ডিকেটৰাজ চলাই থকাৰ কথোপকথন কেইবাটাও আগশাৰী চেনেলৰ লগতে সামাজিক মাধ্যমতো সম্প্ৰতি ভাইৰেল হৈ পৰিছে এটা পৰ্টেলৰ স্বয়ম্ভূ স্বত্বাধিকাৰী তামুলীবাহিনীসহ আন এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠনৰ নেতা বুলি বহু পৰিচিত নেতা জনৈক গোঁহাইৰ উপাধীৰ আন এটা কুখ্যাত চোৰাং গৰু চক্ৰৰ।আনহাতে চোৰাং গৰুৰ সৰবৰাহ আৰু চিণ্ডিকেটৰাজ চলাই থকাৰ পোহৰলৈ আহিবলৈ সক্ষম হৈছে যদিও আৰক্ষী-প্ৰশাসনৰ একাংশ বিষয়া-কৰ্মচাৰীৰ গোপন মিতিৰালিৰ বাবে বৰ্তমানেও তদন্ত প্রক্রিয়াৰ জৰিয়তে আটক কৰি জেললৈ প্ৰেৰণ কৰিবলৈ সক্ষম হোৱা নাই। যাৰবাবে এতিয়াও বীৰদৰ্পে চোৰাং গৰু চিণ্ডিকেটৰাজ চক্ৰই গো-সুৰক্ষা আইনক ভেঙুচালি কৰি ৰমৰমীয়া বেহা চলাই থাকিবলৈ সক্ষম হৈছে।আৰক্ষী প্ৰশাসনক ধাৰাবাহিক ভাৱে চোৰাং গৰু সৰবৰাহ আৰু চিণ্ডিকেট ৰাজ চলাই থকাৰ বিষয়ে দীৰ্ঘদিন ধৰি অভিযোগ কেইবাখনো কাকত আৰু বিভিন্ন পক্ষই দৃষ্টিগোচৰ কৰি আহিছে যদিও গো-মাফিয়া চক্রটোৰ বিষয়ে কাৰ্যকৰী আৰু দৃষ্টামূলক পদক্ষেপ গ্ৰহণ কৰা পৰিৱৰ্তে নিজৰ মুনাফা স্বাৰ্থত একাংশ বিষয়া চকু মুদা কুলিৰ ভাঁৱত নীৰৱ দৰ্শক ভূমিকা গ্ৰহণ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।
