আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিমানত চুৰি চুৰি হৈছে মাৰ্কিন ৰাষ্ট্ৰপতিৰ চৰকাৰী বিমান ‘এয়াৰ ফৰ্চ ৱান’ত। বিমানখনৰ নিৰ্দিষ্ট স্থানত থকা কিছু সামগ্ৰী সন্ধানহীন হৈ পৰিছে।জানিব পৰা মতে যোৱা ফেব্ৰুৱাৰী মাহত এই চুৰি কাণ্ড দৃষ্টিগোচৰ হৈছিল। সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে আমেৰিকাৰ পশ্চিম উপকূল ভ্ৰমণ কৰিছিল। ভ্ৰমণৰ শেষত এয়াৰ ফৰ্চ ৱানৰ বিষয়বস্তু পৰীক্ষা কৰাৰ সময়ত দেখা গ’ল যে সংবাদ মাধ্যমৰ কৰ্মীৰ বাবে নিৰ্ধাৰিত অঞ্চলটোৰ কিছুমান সামগ্ৰী নোহোৱা হৈছে। চুৰিৰ তালিকাত দামী ব্ৰেণ্ডেড পিল’ কভাৰ, কাঁচৰ পৰা আৰম্ভ কৰি সোণ প্লেটেড প্লেটলৈকে সকলো আছে।ৰাষ্ট্ৰপতিৰ সৈতে এয়াৰ ফৰ্চ ৱানত যাত্ৰা কৰা সাংবাদিকক লক্ষ্য কৰি এই অভিযোগ উত্থাপন কৰা হৈছে। ইয়াৰ বাবে তেওঁলোকক সকীয়াই দিয়া হৈছে। এই ঘটনাত হোয়াইট হাউছ কৰ্পৰেণ্ডেণ্টছ এছ’চিয়েশ্যনে সাংবাদিকক সকীয়াই দিছে যে এয়াৰ ফৰ্চ ৱানৰ পৰা কোনো বস্তু লোৱাটো নিষিদ্ধ। যোৱা মাহত সংস্থাটোৱে হোয়াইট হাউছৰ সকলো সাংবাদিকলৈ ই-মেইল প্ৰেৰণ কৰিছিল। ইয়াত কোৱা হৈছে যে এনে আচৰণে ৰাষ্ট্ৰপতিৰ সৈতে ভ্ৰমণ কৰা সাংবাদিকসকলৰ প্ৰতি অতি বেয়া মনোভাৱ দেখুৱাইছে। এনে আচৰণ পৰিহাৰ কৰিব লাগিব। এয়াৰ ফৰ্চ ৱানত কেতিয়াবা সাংবাদিকক চকলেটৰ বাকচ দিয়া হয়। ইয়াত ৰাষ্ট্ৰপতিৰ মোহৰ আছে। আমেৰিকাৰ প্ৰশাসনৰ মতে, এয়াৰ ফৰ্চ ৱানৰ ল’গ’ থকা সামগ্ৰী (বাচন, টাৱেল আদি) চুৰিৰ ঘটনা এতিয়াও চলি আছে।