গাজা যুদ্ধত ৬০০ ইজৰাইলী সৈনিক প্ৰায় নিহত ছমাহ ধৰি ইজৰাইলে পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপত হামাছক আক্ৰমণ কৰি আহিছে। যোৱা বছৰৰ ৭ অক্টোবৰত পেলেষ্টাইনৰ স্বাধীনতা সংগঠন হামাছে ইজৰাইলৰ ভিতৰত আক্ৰমণ কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে সেইদিনাৰ পৰাই ইজৰাইলৰ বাহিনীয়ে গাজা আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। খবৰ অনুসৰি এই যুদ্ধত এতিয়ালৈকে ৬০০ ইজৰাইলী সৈন্যৰ মৃত্যু হৈছে। তাৰ ভিতৰত ইজৰাইলৰ ভিতৰত হামাছৰ আক্ৰমণত নিহত সৈনিকসকলো আছে। সোমবাৰে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে এক বিবৃতিত এই কথা প্ৰকাশ কৰে।
বিগত ২৪ ঘন্টাত গাজাত অভিযানৰ সময়ত আন এজন ইজৰাইল জোৱান নিহত হোৱা বুলি আইডিএফে প্ৰকাশ কৰিছে। ২০ বছৰীয়া জোৱানজনৰ নাম নাদৱ কোহেন। ইয়াৰ লগে লগে ৭ অক্টোবৰৰ পৰা গাজাত ৬০০ ইজৰাইলী সৈনিকৰ মৃত্যু হৈছে। কাকতলীয়াকৈ ক’বলৈ গ’লে ৭ অক্টোবৰত ইজৰাইলত হামাছৰ আক্ৰমণত প্ৰায় ১২০০ ইজৰাইলীৰ মৃত্যু হয়। হামাছে প্ৰায় ২০০ ইজৰাইলীক পণবন্দী কৰি গাজালৈ লৈ যায়।
ইফালে গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ইজৰাইলৰ আক্ৰমণত প্ৰায় ৩৩ হাজাৰ পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে। প্ৰায় ৮০ হাজাৰ লোক আহত হয়।