বুধবাৰে পুৱা টাইৱানত ভয়ংকৰ কঁপনি অনুভূত হয়। বৃহস্পতিবাৰেও টাইৱানত উদ্ধাৰ অভিযান চলি আছে। ৰাজধানী টাইপেইৰ পৰা ১০০ কিলোমিটাৰতকৈও অধিক দূৰত্বত অৱস্থিত হুয়ালিয়েন চহৰৰ দক্ষিণে ৭.৪ ৰিখটাৰ স্কেলৰ এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল। ২৫ বছৰৰ ভিতৰত টাইৱানত সংঘটিত হোৱা এইটোৱেই আছিল আটাইতকৈ শক্তিশালী ভূমিকম্প। কমেও ৯ জন লোকৰ মৃত্যু। আহতসকলৰ সংখ্যা ৮০০ৰো অধিক। বহু লোক এতিয়াও ভাঙি পৰা সুৰংগত বা পাহাৰীয়া পথত আবদ্ধ হৈ আছে।ভূমিকম্পৰ পিছত জাপান আৰু ফিলিপাইনছৰ বাবে চুনামীৰ সতৰ্কবাণী জাৰি কৰা হয়। কিন্তু পিছত প্ৰত্যাহাৰ কৰা হ’ল। ভূমিকম্পৰ ফলত হুয়ালিয়ান চহৰৰ বহু ঘৰ ক্ষতিগ্ৰস্ত হয়। দেশৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ পৰিছে দুৰ্গম অঞ্চল।