লখিমপুৰ, ১৭ এপ্ৰিল ; কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰীকাৰ নগ্ন ভি ডি অ ভাইৰেল হোৱাক লৈ লখিমপুৰত তীব্ৰ চাঞ্চল্য অব্যাহত আছে । এই প্ৰসংগক লৈ শেহতীয়াকৈ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা আৰু বিজেপিৰ বিধায়ক মানৱ ডেকাৰ মাজত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এক সংঘাতৰ সৃষ্টি হৈছে । যাৰ পৰিণতিত বিধায়ক মানব ডেকাই এইবাৰ আইনী জাননী প্ৰেৰণ কৰিছে উদয় শংকৰ হাজৰীকালৈ ।
কিয়নো উদয় শংকৰ হাজৰীকাই ভাইৰেল ভিডিঅ’ ৰ লগত নাম সাঙুৰিছিল বিধায়কৰ নাম । বিধায়ক মানব ডেকাই উদ্দেশ্য প্ৰণোদিত ভাবে তেওঁৰ ভিডিঅ’ সম্পাদিত কৰিছে বুলি কালি এক সংবাদমেল যোগে অভিযোগ কৰিছিল উদয় শংকৰ হাজৰীকাই আৰু তাৰ পিছতেই আজি এক সংবাদমেল আয়োজন কৰি এই ভিডিঅ’ সম্পূৰ্ণ এশ শতাংশ সত্য বুলি দাবী কৰিছে বিধায়ক ডেকাই । যদিহে এই ভাইৰেল ভিডিঅ’ ডেকাই সম্পাদনা কৰি প্ৰচাৰ কৰাৰ তথ্য প্ৰমাণ দিব পাৰে তেতিয়াহলে বিধায়ক পদ ত্যাগ কৰিম বুলিও কয় মানব ডেকাই । ইয়াৰ উপৰিও ইতিমধ্যেই হাজৰীকালৈ আইনী জাননী প্ৰেৰণ কৰিছে বিধায়ক ডেকাই লগতে কয় _যদিহে ৪৮ ঘণ্টাৰ ভিতৰত ইয়াৰ উত্তৰ হাজৰীকাই দিব নোৱাৰে তেতিয়াহলে তেওঁৰ ওপৰত ১০ কোটি টকাৰ মানহানি গোচৰ তৰিব বুলি হুংকাৰ দিছে বিধায়ক ডেকাই । তেওঁ কয় -মোৰ ওপৰত অনা অভিযোগৰ শাস্তি ভুগিব লাগিব । ১০ কোটি টকাৰ মানহানিয়ে নহয় জেলৰ ভাত পৰ্যন্ত খাব লাগিব । অন্যথা ইয়াৰ আগতে ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী বিধায়কৰ । এই সন্দৰ্ভত আজি বিধায়কজনে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ এক পত্ৰ প্ৰেৰণ কৰি ভাইৰেল ভি ডি অ সন্দৰ্ভত এক নিৰপেক্ষ তদন্তৰ দাবী জনোৱাৰ লগতে ইয়াৰ আঁৰৰ অপৰাধীক ধৰা পেলাবলৈও দাবী জনাইছে ।
লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজাৰিকাৰ নগ্ন ভাইৰেল ভি ডি অক লৈ লখিমপুৰত চাঞ্চল্য, বিধায়ক মানৱৰ নাম সাঙুৰক লৈ প্ৰতিক্ৰিয়া ; কংগ্ৰেছ প্ৰাৰ্থী উদয়শংকৰ হাজৰিকাৰ বিৰুদ্ধে আইনী জাননী
