হাওৰাঘাট,১৮ এপ্ৰিল : কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ চূণপোৰা অঞ্চলত থকা থলুৱা জাতি- জনগোষ্ঠীৰ সমূহৰ মাজত কৃষ্টিৰ সমাহাৰ ঘটাই মহান সংস্কৃতিৰ পথাৰত ভাতৃত্ববোধ , স্নেহৰ বান্ধোন , একতাৰ এনাজৰীৰে ঐক্য, শান্তি আৰু প্ৰগতিৰ লক্ষ্যৰে ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনখনি বিগত বৰ্ষৰ দৰে এইবাৰো অহা ৬ মে’ত এদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে বকলীয়াঘাটৰ সমীপৰ ১ নং উদালি যুৱ সংঘৰ প্ৰাংগণত অনুষ্ঠিত কৰাৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাই থকা বুলি জানিব পৰা গৈছে । ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক থানুৰাম নাথে সংবাদ মাধ্যমক জনোৱা অনুসৰি ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনখনি পৰিচালনা কৰাৰ বাবে প্ৰসেন ৰাজবংশীক সভাপতি , চক্ৰধৰ কলিতাক উপ-সভাপতি আৰু অপূৰ্ব দাসক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া সদস্য-সদস্যাৰে ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনখনৰ পৰিচালনা সমিতিখন সৰ্বসন্মতিক্ৰমে গঠন কৰা হৈছে । সেয়েহে এই পঞ্চম বাৰ্ষিক অধিৱেশনখন সকলো ফালৰ পৰা সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোৰে সহায় সহযোগিতাৰ কামনা কৰিছে ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক থানুৰাম নাথে ।
বকলীয়াঘাটৰ উদালিত ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্ততি
