Fearless Press

লখিমপুৰৰ নাওবৈচাত হাতে হাতে দা কুঠাৰ লৈ ওলাই আহিল ৰাইজ বোৱতী নদীক বাধা প্ৰদান কৰা গছগছনি কাটি মুকলি কৰিলে বোকানদীৰ মূলসুঁতি

লখিমপুৰ, ২২এপ্ৰিল ; চৰকাৰ প্ৰশাসনলৈ বাট নাচাই আজি লখিমপুৰ জিলাৰ নাওবৈছাত পুৱাই হাতে হাতে দা কুঠাৰ লৈ ওলাই আহিল ৰাইজ । বোৱতী নদীক বাধা প্ৰদান কৰা গছ গছনি কাটি বোকা নদীৰ মূলসুঁতি মুকলি কৰাৰ বাবেই আজি পুৱাই ওলাই আহিল ৰঙানদী সমষ্টিৰ দুখন গাঁৱৰ ৰাইজ। উল্লেখ যে গাঁও দুখনৰ মাজেৰে বৈ যোৱা বোকানদীৰ দুয়োপাৰে একাংশ লোকে দখল কৰি নদীখনৰ দয়োপাৰে বৃহৎ বৃহৎ গছ ৰোপন কৰাত নদীখনৰ স্বাভাৱিক গতি বন্ধ হোৱাত বাৰিষা পানী যাব নোৱাৰি ৰানাবাৰী-২নং সোণাপুৰ গাঁওদুখন প্ৰতি বছৰে সংহাৰী বানপানীৰ কৱলত পৰিব লগা হৈছিল । সংহাৰী বানৰ কৱলত পৰি বিগত সময়ত গাওঁ দুখনৰ কৃষি অৰ্থনীতিকে ধৰি জনস্বাস্থ্য-পশুধনৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। সেয়ে গাঁও দুখনৰ শতাধিক ৰাইজ আজি ওলাই আহি অবৈধ ভাৱে বেদখল কৰি ৰুই থোৱা বাঁহ , থলপদুম,হাবি জংঘল কাটি নদীৰ মূল সুঁতি মুকলি কৰে। ৰাইজৰ অভিযোগ – বিগত সময়ত এই সমস্যা সমাধানৰ বাবে স্থানীয় বিধায়ক তথা জিলা উপায়ুক্তক কৈ কৈ ভাগৰি পৰিছিল । সেয়ে ভৱিষ্যত বাৰিষাত সৃষ্টি হব পৰা পৰিস্থিতিৰ কথা চিন্তা কৰি আজি ৰাইজে উপায়ন্তৰ হৈ হাতে হাতে দা কুঠাৰ লৈ বাৰিষাৰ আগে আগে নদীখনৰ মূল সুঁতি মুকলি কৰি বানমুক্ত কৰাৰ চেষ্টা চলায়

Exit mobile version