Fearless Press

তীব্ৰ উত্তাপত ভোটদান, মঞ্চত ভাষণ দিওঁতে মূৰ্চ্ছা গ’ল নীতিন গাডকাৰী

মুম্বাই,২৪ এপ্ৰিল; নিৰ্বাচনী প্ৰচাৰৰ সময়ত গুৰুতৰভাৱে অসুস্থ হৈ পৰে জ্যেষ্ঠ বিজেপি নেতা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। বুধবাৰে মহাৰাষ্ট্ৰৰ এক স্থানত প্ৰচাৰ চলাই মঞ্চত অজ্ঞান হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। জনা যায় যে তেওঁ মঞ্চত থিয় হৈ ভাষণ দি আছিল। হঠাতে তেওঁ মঞ্চত বাগৰি পৰে। লগে লগে তেওঁক চিকিৎসাৰ বাবে লৈ যোৱা হয়।চলিত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত (লোকসভা ২০২৪) কেন্দ্ৰীয় গড়কাপ্তানী আৰু পৰিবহণ মন্ত্ৰী নাগপুৰৰ পৰা প্ৰাৰ্থী । নিজৰ কেন্দ্ৰত নিৰ্বাচনৰ পাছতো গাডকাৰীয়ে জোৰদাৰ প্ৰচাৰ অব্যাহত ৰাখিছে। বুধবাৰে মহাৰাষ্ট্ৰৰ যৱতমল-ৱাছিম ​​কেন্দ্ৰত প্ৰচাৰ চলাবলৈ গৈছিল। অৱশ্যে সেই কেন্দ্ৰত বিজেপিয়ে কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল। শিৱসেনাৰ শিন্দে শিবিৰৰ ৰাজশ্ৰী পাটিলৰ সমৰ্থনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বুধবাৰে প্ৰচাৰ চলায়।
দুপৰীয়াৰ তীব্ৰ উত্তাপক আওকাণ কৰি গডকাৰীয়ে ভাষণ আগবঢ়াই । ভাষণ দি থকা অৱস্থাত হঠাৎ তেওঁ মঞ্চত ঢলি পৰিল। লগে লগে মঞ্চত উপস্থিত থকা আন নেতাসকলে তেওঁক ধৰিলে। চকু আৰু মুখত পানী ছটিয়াই তেওঁক মঞ্চৰ পৰা আঁতৰাই নিয়া হয়। কেন্দ্ৰীয় মন্ত্ৰী গডকাৰিক চিকিৎসা আৰম্ভ হয়। সমগ্ৰ ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰে।অৱশ্যে সূত্ৰ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী দীৰ্ঘদিন ধৰি ডায়েবেটিচ ৰোগৰ সমস্যাত ভুগি আছে। ২০১৮ চনত তেওঁ মঞ্চত ভাষণ দিওঁতে এবাৰ চেতনা হেৰুৱাইছিল। সেই সময়ত গম পোৱা গৈছিল যে তেজত চেনিৰ পৰিমাণ হঠাতে কমি অহাৰ বাবে তেওঁৰ মূৰ ঘূৰোৱা হৈছিল। বুধবাৰে হঠাৎ পুনৰ অসুস্থ হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

Exit mobile version