Fearless Press

গৰু চুৰিক কেন্দ্ৰ কৰি নিশা ৰূপহীহাটত উওপ্ত পৰিস্থিতি, চোৰাং গৰু সহ বিলাসী বাহন জব্দ

ৰূপহীহাট, ২ মে’: ৰূপহীহাটৰ মধুৰিপুঠিখাইতিত চোৰাং গৰু সহ বিলাসী বাহন দুৰ্ঘটনা।দ্ৰুত গতিত আহি থকা Velono বাহনখনৰ ভিতৰত আছিল ৬ টাকৈ চোৰাং গৰু।আটক এজন কুখ্যাত গৰু চুৰ, ধৃত আটকাধীন চুৰটোৰ নাম নুৰ মুহাম্মদ বুলি জানিব পৰা গৈছে।আমবাগানৰ পৰা মাগুৰমাৰী ফালে গৈ থকা অৱস্থাত ৰাস্তাৰ কাষত থকা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰে বাহনখনে।প্ৰচণ্ড গতিত খুন্দা মৰাৰ ফলত বিদ্যুৎৰ খুঁটাটো পথৰ মাজতে বাগৰি পৰে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে – AS-01-FS0389, দুৰ্ঘটনাৰ পিছত স্থানীয় ৰাইজ উপস্থিত হৈ বিলাসী বাহনখনৰ পৰা ৬ টা চোৰাং গৰু উদ্ধাৰ কৰে।ঘটনাস্থলিত কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Exit mobile version